গোলাঘাট,২০ এপ্ৰিল: অসমৰ বিভিন্ন জিলাত কৰ’ণাৰ দ্বিতীয় ঢৌৱে কালৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে । বহু জিলাত মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি হৈছে । ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । গোলাঘাটৰ ভিন্ন প্ৰান্তত মঙলবাৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ নেতৃত্বত চলিছে অভিযান ।
মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে ৰাইজক সজাগ কৰাৰ চেষ্টা চলোৱা হৈছে । একাংশ লোকৰ মাজত মাস্ক বিতৰণ কৰিছে প্ৰশাসনে । জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ, পৰিবহণ বিভাগেও এই অভিযানত সহযোগিতা আগবঢ়ায় । ইয়াৰ সমান্তৰালকৈ ক’ভিড স্বাস্থ্য বিধি নমনা একাংশ ব্যৱসায়ীৰ পৰা ১০০০ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰিছে প্ৰশাসনে ।
লগতে পঢ়ক: জোনাইত ক’ভিড মহামাৰী সন্দৰ্ভত সজাগতা শিবিৰ