ETV Bharat / state

চৰকাৰলৈ কি আহ্বান জনালে দৈনিক বজাৰত বহা ব্যৱসায়ীয়ে ? - বজাৰ দিয়াৰ অনুমতি নাপাই ক্ষুন্ন ব্যৱসায়ী

দেশত চলি আছে পঞ্চম পৰ্যায়ৰ লক ডাউন ৷ বহুখিনি ক্ষেত্ৰত শিঠিল কৰা হৈছে কিন্তু তাৰ মাজতো বজাৰ দিয়াৰ অনুমতি নাপাই ক্ষুন্ন হৈ পৰিছে ব্যৱসায়ীসকল ৷

golaghat-daily-market-vendor-trouble-because-of-lock-down
দৈনিক বজাৰত বহা ব্যৱসায়ী
author img

By

Published : Jun 2, 2020, 7:28 PM IST

গোলাঘাট, 2 জুনঃ বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম অৱস্থাতে দেশবাসীৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত বলবৎ কৰিছিল লক ডাউন। ২৪ মাৰ্চৰ পৰা দুমাহতকৈও অধিক সময় পাৰ কৰিলে লক ডাউনে। বৰ্তমান কিছু শিঠিল কৰা হৈছে পঞ্চম পৰ্যায়ৰ লক ডাউন । কিন্তু এই সময়ছোৱাত গোলাঘাটৰ সাপ্তাহিক হাট চলোৱা খুচুৰা ব্যৱসায়ী,ফেৰীৱালা আদি প্ৰায় 12 হাজাৰ পৰিয়ালে চৰম আৰ্থিক সংকটত পৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। লক ডাউনৰ ফলত বিশেষকৈ বজাৰত বহা ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ হৈ পৰাত আৰ্থিক অনাটনত ভুগিছে ব্যৱসায়ীসকল ।

দৈনিক বজাৰত বহা ব্যৱসায়ী

বৰ্তমান এই ব্যৱসায়ী সকলৰ মাজত দেখা দিছে চৰম আৰ্থিক অনাটন। পৰিয়াল পোহপাল দিয়াত অসুবিধাত পৰিছে এই ব্যৱসায়ীসকলৰ। মঙলবাৰে গোলাঘাটৰ বেঙেনাখোৱা গাঁও পঞ্চায়ত কাৰ্যালয় সমীপত সকলো ব্যৱসায়ী একগোট হৈ চৰকাৰলৈ সহায়ৰ আহ্বান জনায়। চৰকাৰে নীতি নিৰ্দেশনা বান্ধি এই ব্যৱসায়ী সকলৰ বাবেও ব্যৱসায় কৰিবৰ সুবিধা কৰি দিবৰ বাবে আহ্বান এতিয়া ব্যৱসায়ীসকলৰ।
লগতে পঢ়কঃ ৯ টা লাডু, ৯পাহ ফুল আৰু ৯ ডাল ধূপেৰে কৰ'ণা পূজা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.