গোলাঘাট, 25 জানুৱাৰীঃ শনিবাৰে গোলাঘাট বিধানসভা সমষ্টিৰ সীমান্ত গাঁও পঞ্চায়তৰ জয়পুখুৰীত এক অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰে বিধায়িকা অজন্তা নেওগে । বিধায়কৰ স্বাক্ষৰ আঁচনিৰ অধীনত 10 কোটি টকা ব্যয়েৰে আধাৰশিলা কৰা গ্ৰাম্য ক্ৰীড়া একাডেমীখনে সমগ্ৰ অঞ্চলটোৰ ক্ৰীড়াৰ প্ৰতিভা বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকে ।
যোৰহাট গড়কাপ্তানী গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তা লক্ষীনন্দন চেতীয়াৰ সভাপতিত্বত উদ্বোধনী সভাত বক্তব্য ৰাখি বিধায়িকা অজন্তা নেওগে কয় যে, জয় পুখুৰীত স্থাপন কৰা ক্ৰীড়া প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ লগতে জিলাখনৰ যুৱক-যুৱতী ,ছাত্ৰ-ছাত্ৰী সকলে বিশেষ ভাৱে উপকৃত হ’ব । এই প্ৰকল্পৰ পৰা ভাল খেলুৱৈ জন্ম হ’ব লাগিব । এই অঞ্চলৰ যুৱক-যুৱতীয়ে এজন দক্ষ খেলুৱৈ হিচাপে দেশত নাম জিলিকাব লাগিব ।
অন্যহাতে গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাল পৰিকল্পনা কৰি কাম কৰিলেহে নিৰ্মাণ কাৰ্য ভাল হ’ব, পৰিকল্পনা নাথাকিলে নিৰ্মাণত বিসংগতি হয় বুলি বিধায়িকাগৰাকীয়ে সভাত বক্তব্য ৰাখি এই প্ৰকল্পটো ‘‘গোলাঘাট ক্ৰীড়া একাডেমী’’ নামেৰে নামাকৰণ কৰা বুলি সভাত জানিবলৈ দি জাতিধ্বংসী ‘‘কা’’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।