ETV Bharat / state

অভিযান্ত্ৰিক মহাবিদ্যালয় : গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jul 26, 2019, 3:12 PM IST

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় বন্ধ কৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ।

গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট,26 জুলাই: শুকুৰবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই ৷ প্ৰতিবাদত চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটো ৷ শিক্ষামন্ত্ৰী হুচিয়াৰ,বিজেপি চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়,ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ পৰে গোলাঘাট ৷

অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ উদ্বোধনৰ সময়তো ছাত্ৰ সন্থাই আন্তঃগাঁথনি ঠিক নহয় বুলি অভিযোগ উত্থাপিত কৰিছিল । 92 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয় খনৰ ভৱিষ্যত অন্ধকাৰ, যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ স্থানান্তৰ কৰি মহাবিদ্যালয়খনৰ প্ৰতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদী সকলে ।

গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যাৰ ফলত গোলাঘাটবাসীয়ে বহু বিৰতিৰ পিছত লাভ কৰা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সপোনত যেন চেঁচা পানী পৰিল ৷ গোলাঘাট আছুৱে ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰি গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় সজীৱ কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় । অন্যথা সদৌ অসম ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ৷

Intro:Body:গোলাঘাটত ছাত্র সন্থাৰ প্ৰতিবাদ। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় বন্ধ কৰা চৰকাৰী ষড়যন্ত্ৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ।গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী পালন কৰি চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে সংগঠনটো।শিক্ষামন্ত্ৰী হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী খেলা বন্ধ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদমূখৰ হৈ পৰে সংগঠনটো। অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ উদ্বোধনৰ সময়তে ছাত্ৰ সন্থায়ে আন্তঃগাথঁনি ঠিক নহয় বুলি অভিযোগ উত্থাপিত কৰিছিল। 92 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয় খনৰ ভৱিষ্যত অন্ধকাৰ, যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আন অভিযান্ত্ৰিক মহাবিদ্যালয় লৈ স্থান্তৰ কৰি মহাবিদ্যালয় খনৰ প্ৰতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে গোলাঘাট বাসীয়ে বহু বিৰতিৰ পিছত লাভ কৰা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সপোনত চেঁচা পানী পৰিল। গোলাঘাট আছুৰ ৰাজ্য চৰকাৰক সকিয়নী গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় সজীৱ কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক। অন্যথা সদৌ অসম ছাত্ৰ সন্থায়ে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।Conclusion:Byte 1: ছাত্ৰ নেতা।
Byte 2: ছাত্ৰ নেতা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.