ETV Bharat / state

এন আৰ চি চূড়ান্ত তালিকাত নাম নাহিল গোলাঘাটৰ সাংবাদিকৰ - গোলাঘাট কমাৰবন্ধাৰ সাংবাদিক চুলতান আলিৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহল চূড়ান্ত তালিকাত

৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাহিল গোলাঘাট কমাৰবন্ধাৰ সাংবাদিক চুলতান আলি সহ পৰিয়ালৰ

Golaghat A journalist and his family excluded from NRC final draft
author img

By

Published : Sep 2, 2019, 1:33 PM IST

গোলাঘাট, 2 ছেপ্তেম্বৰ : গোলাঘাটৰ এজন সাংবাদিকৰ পৰিয়ালৰ নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত ৷ গোলাঘাট কমাৰবন্ধাৰ সাংবাদিক চুলতান আলিৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহ'ল চূড়ান্ত তালিকাত । চুলতান আলিৰ লগতে তেওঁৰ পিতৃ আব্দুল মতলিব,মাতৃ ৰেজিয়া বেগম আৰু চুলতানৰ কন্যা ৰুষ্টামিন জাহানৰ আৰু চুলতানৰ পত্নী পাৰবিন চুলতানাৰ নাম বাদ পৰিল এন আৰ চিৰ চূড়ান্ত তালিকাত। বৰ্তমান তীব্ৰ মানসিক চাপত ভুগিছে প্ৰায় ২০ বছৰো অধিক কাল সাংবাদিকতাৰ সৈতে জড়িত সাংবাদিক চুলতান আলিৰ লগতে পৰিয়ালটো।

এন আৰ চি চূড়ান্ত তালিকাত নাম বাদ পৰিল গোলাঘাটৰ এজন সাংবাদিকৰ পৰিয়ালৰ

Intro:গোলাঘাটৰ এজন সাংবাদিকৰ পৰিয়ালৰ নাম নাহিল এন আৰ চিৰ চুড়ান্ত তালিকাত। গোলাঘাট কমাৰবন্ধাৰ সাংবাদিক চুলতান আলিৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহল চুড়ান্ত তালিকাত। এন আৰ চিৰ কৰ্মত নিয়োজিত এজন কৰ্মচাৰীৰ ব্যক্তিগত আক্ৰোশৰ বলি হোৱাৰ অভিযোগ। তীব্র মানসিক চাপত ভূগিছে সাংবাদিক চুলতান আলিৰ পৰিয়াল। Body:৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চুড়ান্ত তালিকাত নাম নাহিল গোলাঘাট কমাৰবন্ধাৰ সাংবাদিক চুলতান আলিৰ পৰিয়ালৰ। সুদীৰ্ঘ প্ৰায় ২০ বছৰো অধিক কাল সাংবাদিকতাৰ সৈতে জড়িত চুলতান আলি কমাৰবন্ধা লগতে গোলাঘাট জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আহিছে । এনে এটা পৰিয়ালৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত লজ্জাবোধ কৰিছে পৰিয়ালটোয়ে। ১৯৫০ চনৰ পৰা মাটিৰ খাজনা দিয়াৰ নথি পত্ৰকে ধৰি যাৱতীয় সকলো নথি পত্ৰ দাখিল কৰা চুলতান আলিৰ পৰিয়ালটো এজন কৰ্মচাৰীৰ ব্যক্তিগত ৰোষৰ বলী হোৱাৰ অভিযোগ উথাপন কৰে। একে গাৱঁৰ এজন শিক্ষক এন আৰ চিৰ কামত নিয়োজিত হৈ আছে। এই কৰ্মচাৰী জনৰ সৈতে চুলতানৰ পিতৃৰ সৈতে মাটিৰ সীমা বিবাদক কেন্দ্ৰ কৰি কাজিয়া হৈছিল। এই ব্যক্তিজনেই চুলতান আলিৰ পৰিয়ালৰ নথি পত্ৰ খেলি মেলি কৰি বঞ্চিত কৰা বুলি অভিযোগ উথাপন কৰে। চুলতান আলিৰ লগতে তেওঁৰ পিতৃ আব্দুল মতলিব , মাতৃ ৰেজিয়া বেগম আৰু চুলতানৰ কণ্যা ৰুষ্টামিন জাহানৰ নাম নাহিল। নাম আহিল চুলতানৰ পত্নী পাৰবিন চুলতানাৰ। এই লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কমাৰবন্ধা অঞ্চলত। Conclusion:Byte_1_চুলতান আলি
Byte_2_মাতৃ
Byte_3_পিতৃ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.