গোলাঘাট, 10 জুনঃ সেন্দুৰীটিঙত আৰক্ষী আৰু জুৱাৰীৰ মাজত খেদাখেদি । গোলাঘাট কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সেন্দুৰিটিং সাপ্তাহিক বজাৰত দীর্ঘদিনে চলি আহিছে বিভিন্ন অবৈধ বেহা ৷ সোমবাৰে বজাৰখনৰ জুৱা আৰু মদৰ বেহাৰ বিৰুদ্ধে কমাৰগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ময়ূৰজিত গগৈৰ নেতৃত্বত অতৰ্কিতে চলাই অভিযান ৷
আৰু পঢ়কঃ ৰঙিয়াত বাইক চুৰিৰ ঘটনাঃ চিচি টিভিত বন্দী সমস্ত ঘটনা
অভিযানত আৰক্ষীয়ে জব্দ কৰে জুৱা খেলৰ বিভিন্ন সামগ্ৰী আৰু নগদ ২১ হাজাৰ টকাৰ লগতে জুৱা খেলৰ মূল নায়ক বিতুনক ৷ আনহাতে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বজাৰখনত দীৰ্ঘদিনৰ পৰা ন্যায়ালয়ে নিষিদ্ধ ঘোষিত কৰা কুকুৰা যুঁজ , তীৰ খেল আদিও চলাই আহিছিল ৷