গোলাঘাট,8এপ্ৰিল: চ'ছিয়েল মিডিয়াত প্ৰেম, প্ৰতাৰণা তাৰ পিছত সংঘাত আপুনি বহু শুনিছে আৰু দেখিছে। এইবাৰ ফেচবুকত চাকৰি দিয়াৰ মিছা প্ৰলোভনেৰে ধন হৰলুকি কৰা প্ৰৱঞ্চকক শাস্তি দিয়া হ'ল গোলাঘাটত । গোলাঘাটৰ ৰাজপথত দুগৰাকী যুৱতীয়ে উত্তম-মাধ্যম শোধালে নিলোৎপল বৈশ্য নামৰ এটা প্ৰৱঞ্চকক ৷ জানিব পৰা মতে, তিতাবৰ আৰু দেৰগাঁৱৰ দুগৰাকী যুৱতীয়ে ফেচবুকত চাকৰি বিচাৰি নিজ একাউণ্টৰ পৰা এটা প'ষ্ট কৰিছিল ।
সেই প'ষ্টৰ পিছতে কেতিয়াবা কমাৰবন্ধা, কেতিয়াবা চকলাটিঙৰ নিবাসী বুলি পৰিচয় দিয়া নিলোৎপল বৈশ্য নামৰ প্ৰৱঞ্চকটোৱে ফেচবুক মেছেঞ্জাৰৰ জৰিয়তে যুৱতী দুগৰাকীক গোলাঘাট আৰু বোকাখাতত বন্ধন বেংকত চাকৰি দিম বুলি অৱগত কৰে । ইয়াৰ পিছতেই যুৱতী দুগৰাকীৰ পৰা চাৰিহাজাৰ টকা উৎকোচ হিচাপে লয় । তাৰ পিছতে মোবাইল অফ কৰি অন্তৰ্ধান হয় প্ৰৱঞ্চক নিলোৎপল বৈশ্য। কিন্তু বৃহস্পতিবাৰে দিন বেয়া আছিল প্ৰৱঞ্চক নিলোৎপলৰ ৷ হঠাৎ গোলাঘাট নগৰত যুৱতী দুগৰাকীৰ মুখামুখি হয় প্ৰৱঞ্চকটো । ইয়াৰ পিছতে প্ৰৱঞ্চক নিলোৎপলৰ পিঠিত পৰিল ঔকিল ৷ আনহাতে, এই ঘটনাৰ পিচতে গোলাঘাটত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ একাংশ প্ৰৱঞ্চকে কিদৰে চাকৰিৰ নামত জাল পেলাই প্ৰৱঞ্চনাৰে যুৱক-যুৱতীৰ পৰা ধন হৰলুকি কৰি আছে সেই ক্ষেত্ৰত আৰক্ষী বিভাগৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়ক:ৰঙালী বিহুলৈ প্ৰস্তুতিৰ কিছু আলোকচিত্ৰ