ETV Bharat / state

দেৰগাঁৱত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতি

দেৰগাঁৱত ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি আৰু অনিয়ম ৷ ৰাইজৰ সুবিধাৰ বিপৰীতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে বিপাঙতহে পেলাইছে দেৰগাঁওবাসীক ৷ এক সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

author img

By

Published : Sep 2, 2021, 12:30 PM IST

four land road corruption news
চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত বিসংগতি

দেৰগাঁও, 2 ছেপ্তেম্বৰ : দুৰ্নীতিৰ প্ৰসংগ অসমৰ বাবে কোনো নতুন কথা নহয় ৷ বৰ্তমান সময়ত সঘনে উত্থাপিত হৈ অহা বিষয় হৈছে দুৰ্নীতি ৷ এইবাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

দেৰগাঁৱত বুধবাৰে এক সংবাদমেলযোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পোহৰলৈ আনিছে বহু গুৰুত্বপূৰ্ণ তথ্য ৷ সংগঠনটোৱে সদৰী কৰা অনুসৰি, দেৰগাঁৱত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ ঘাইপথটোত যধে-মধে নিৰ্মাণ কৰা হৈছে নলা-নৰ্দমাসমূহ ৷

যাৰ ফলত কৃত্ৰিম বানৰ সম্ভাৱনা প্ৰকট হৈছে উঠিছে ৷ কেৱল নলা-নৰ্দমা নহয়, পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰটো সংঘটিত হৈছে অনিয়ম ৷ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই নৱনিৰ্মিত এক অংশ ভাঙি যোৱা পৰিলক্ষিত হৈছে ৷ নিৰ্মাণকাৰ্যত নিয়োজিত কোম্পানীয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে এনে হোৱা বুলি সংগঠনটোৱে দাবী কৰে ৷

লগতে পঢ়ক: কোটি টকীয়া দলঙে বিপদ মাতিছে কুৰিখন গাঁৱৰ ৰাইজলৈ

দেৰগাঁৱৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰা অভিযোগ অনুসৰি, ৰঙামাটি, দাধৰা আৰু বালিজানত পথৰ কাষত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱা দেখা গৈছে ৷ য’ত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ তাকে লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

তদুপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙামাটিত চৰকাৰে নকৈ স্থাপন কৰিব বিচাৰিছে টোলগেট ৷ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক এই টোলগেট বন্ধ কৰিবলৈ দাবী জনাইছে দেৰগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ৷

লগতে পঢ়ক: ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.