ETV Bharat / state

লাভলীনাৰ ঘৰত উপস্থিত প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী - Former legislator Roselina Tirkey reach at Lavlina's house

টকিঅ' অলিম্পিকত ভাগ ল'বলৈ যোৱা অসম গৌৰৱ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কী ।

Former legislator Roselina Tirkey reach at Lavlina's house
টকিঅ' অলিম্পিকলৈ লাভলীনা
author img

By

Published : Jul 21, 2021, 7:02 PM IST

Updated : Jul 21, 2021, 7:59 PM IST

সৰুপথাৰ, 21 জুলাই : গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ গৃহত সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কী, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য নিৰ্বাহক সদস্য পল্লৱজ্যোতি চেতীয়াৰ লগতে অন্য কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত হৈ বক্সাৰগৰাকীৰ পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনী বৰগোঁহাইক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ লাভলীনাই এছিয়ান বক্সিং চেম্পিয়নশ্বীপ, বিশ্ব বক্সিং চেম্পিয়নশ্বীপ আদিত পদক লাভেৰে 24 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগা টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । প্ৰাক্তন বিধায়িকাগৰাকীয়ে আশা কৰে যে, টকিঅ' অলিম্পিকত লাভলীনা বৰগোঁহাইয়ে পদক অৰ্জন কৰি দেশবাসীৰ লগতে অসম তথা গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিব ।

টকিঅ' অলিম্পিকলৈ লাভলিনা
টকিঅ' অলিম্পিকলৈ লাভলীনা

ইতিমধ্যে টকিঅ'ৰ অলিম্পিক গ্ৰাউণ্ডত উপস্থিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বক্সাৰ লাভলীনাক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় এক চাইকেল ৰেলী ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত উলিওৱা হয় এই ৰেলী ৷ চাইকেল ৰেলীটোত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে ৷

লাভলীনাৰ ঘৰত উপস্থিত প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী

খেলুৱৈগৰাকীৰ এই যাত্ৰা সফল হোৱাটো কামনা কৰিছে সমূহ অসমবাসীয়ে ৷ অলিম্পিকলৈ যাত্ৰা কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈক লৈ এতিয়া আশাবাদী সকলো ৷ লাভলীনাক আশীৰ্বাদ তথা উৎসাহ যোগাইছে সকলোৱে ৷

টকিঅ' অলিম্পিকলৈ লাভলিনা
টকিঅ' অলিম্পিকলৈ লাভলীনা

লগতে পঢ়ক: লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

Last Updated : Jul 21, 2021, 7:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.