গোলাঘাট, 25 জানুৱাৰী : গোলাঘাটত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বুদ্ধিজীৱিৰ সৈতে বৈঠক । গোলাঘাট জিলাত নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত গোলাঘাটৰ ৰাইজৰ সৈতেও মত বিনিময় কৰে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ।
গোলাঘাট পৌৰসভা সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত গোলাঘাটৰ বিভিন্ন সমস্যাৰো বুজ ল'লে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । আগন্তুক বিধানসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত 9 টা বিধানসভা সমষ্টি দখল কৰিব বিজেপি মিত্ৰজোঁট চৰকাৰে ।
ইফালে, দলে যদি টিকট প্ৰদান কৰে আগন্তুক বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত ৰাজেন গোহাঁই প্ৰতিনিধিত্ব কৰিব আৰু নিশ্চিত ভাৱে জয়ী হ'ব বুলিও মন্তব্য নেতা গৰাকীৰ । লগতে, 2021 চনত বিজেপি মিত্ৰজোঁট চৰকাৰে 100 তকৈ অধিক সমষ্টি দখল কৰিব বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াভাৱে যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে প্ৰাক্তনমন্ত্ৰী গৰাকী ৷ যাৰবাবে নগাঁও, গোলাঘাট আদিকে ধৰি বিভিন্ন ঠাইত এক প্ৰকাৰ প্ৰচাৰ চলাই ফুৰিছে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি