গোলাঘাট, 30 ছেপ্টেম্বৰঃ গোলাঘাটত CRPF ৰ 142 বেটেলিয়নত আয়োজন কৰা হৈছে Fit india freedom run ৷ সমগ্র দেশত ভাৰতীয় জোৱান সকলক মানসিক আৰু শাৰীৰিকভাৱে সক্ষম ৰাখিবলৈ গ্ৰহণ কৰা হৈছে Fit india freedom run ৷ সমাজত এটা সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা Fit india freedom runৰ জৰিয়তে জোৱান সকলে প্ৰতিদিনে 10 কিলোমিটাৰ দৌৰিব লাগে।
লগতে পঢ়কঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলঃ বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জোৱানৰ লগতে দেশৰ জনতাক কোভিডৰ আতংকৰ মাজত নিজকে ৰক্ষা ৰাখিবলৈ Fit india freedom run ৰ পৰামৰ্শ দিছিল। বৰ্তমান এই সিদ্ধান্তক বাস্তৱত পৰিণত কৰিবলৈ দেশৰ প্ৰতিজন জোৱানে গ্ৰহণ কৰিছে Fit india freedom run ৷ গোলাঘাটৰ জোনাকী নগৰস্থিত 142 নং CRPF বেটেলিয়নে বুধবাৰে পুৱা 5 কিলোমিটাৰ দৌৰি কোভিডৰ বিৰুদ্ধে সমাজত এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰে।
জোনাকী নগৰ CRPF ৰ শিবিৰত গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত এই গম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে ফ্লেগ আপ কৰাৰ পিছতই জোৱান সকলে দৌৰি সাধাৰণ জনতাৰ মাজত কোভিডৰ বিৰুদ্ধে সজাগ,মানসিক দৃঢ়তা আৰু শাৰিৰীক সুস্থতাৰ এক বাৰ্তা দিয়ে ।