সৰুপথাৰ,13 মাৰ্চঃ গোলাঘাটৰ বৰপথাৰ নগৰৰ ২নং ৱাৰ্ডত অগ্নিকাণ্ড ৷ 'পাপু মণ্ডল' গুদাম ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ গুদাম ঘৰটোৰ কাষত জাৱৰ জ্বলোৱাৰ পাচতেই সেই জুইৰ পৰাই সূত্ৰপাত ঘটে অগ্নিকাণ্ডটোৰ ৷ গুদাম ঘৰত জুই লগা জানিব পাৰি হুৱাদুৱা লাগে অঞ্চলটোত ৷ ততাতৈয়াকৈ স্থানীয় লোকসকল হাতে হাতে বাল্টি লৈ জুই নুমুৱাবলৈ চেষ্টা কৰাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ৷পাচত অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰে সম্পূৰ্ণৰূপে ৷
লগতে পঢ়কঃধিঙত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বিপদসংকুল ভটভটি যাত্ৰা অব্যাহত