ETV Bharat / state

কৃতী ছাত্ৰলৈ জীৱকান্ত গগৈ স্মৃতি ন্যাসৰ অভিনন্দন অনুষ্ঠান

author img

By

Published : Aug 20, 2020, 11:54 AM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক লৈ এই অভিনন্দন অনুষ্ঠান অনুস্থিত কৰে ৷ জীৱকান্ত গগৈ স্মৃতি ন্যাস, খুমটাই গ্ৰামীণ মঞ্চ, গোলাঘাট জিলা NSUI, কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰত এই অভিনন্দন অনুষ্ঠান অনুস্থিত হয়।

Abhinandan  anusthan at khumtai
খুমটাইত জীৱকান্ত গগৈ স্মৃতি ন্যাসৰ অভিনন্দন অনুষ্ঠান

খুমটাই, 20 আগষ্টঃ খুমটাইৰ পূৱ কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, কানুগাঁৱত জীৱ গগৈ স্মৃতি ন্যাস, খুমটাই গ্ৰামীণ মঞ্চ আৰু গোলাঘাট জিলা এন এছ ইউ আই, কঠালগুৰি ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পূৱ কমাৰবন্ধা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী জয়নাথ গগৈয়ে । সভাত উপস্থিত থাকে প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী তথা খুমটাই বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ । ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱা, গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক পুলিন গগৈ, গোলাঘাট জিলা এন এছ ইউ আইৰ সভাপতি অংকুৰজ্যোতি হাজৰিকা লগতে মহিলা ব্লক কংগ্ৰেছৰ সম্পাদিকা বন্তি বৰা, ৰূপালী বৰা, যুৱ কংগ্ৰেছৰ সম্পাদিকা ৰুবী গগৈ, মণ্ডল সভাপতি নাৰায়ণ কৰ্মকাৰ ।

সভাত ৰাইজৰ হৈ বক্তৃতা আগবঢ়াই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ডালিমী বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেণ সন্দিকৈয়ে । প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে কয় যে, ছাত্ৰ-ছাত্ৰীসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত । সময়ৰ লগে লগে এই কথাষাৰৰ গুৰুত্ব বাঢ়ি গৈছে । ছাত্ৰ-ছাত্ৰীসকলে কেৱল পৰীক্ষাত শতাংশ বঢ়াবৰ বাবে নহয়, গুণগত শিক্ষা আৰু বিশেষকৈ উন্নত জীৱনৰ বাবে যিখিনি জ্ঞানৰ প্ৰয়োজন সেইবিলাকো আহৰণ কৰা উচিত বুলি সভাত বক্তব্য আগবঢ়ায় বীৰেণ সন্দিকৈয়ে । এখনি সম্বৰ্ধনা পত্ৰ, এটা ফাইল, এটা কলম আৰু এটা গছপুলি কৃতী শিক্ষাৰ্থীসকললৈ আগবঢ়ায় তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

লগতে পঢ়কঃ বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ঘোষণা ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.