গোলাঘাট, 7 জুলাই : গোলাঘাট জিলাৰ নুমলীগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা । পিতৃৰ আসুৰিক কামনাৰ বলি হ'ল ৯ বছৰীয়া কন্যা । গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া বগীজান চাহ বাগিচাৰ ১ নং লাইনত পিতৃৰ কামনাৰ বলি হ'বলগীয়া হয় এগৰাকী ৯ বছৰীয়া কিশোৰী । অভিযুক্ত লোকজনে পত্নী ঘৰত নথকাৰ সুযোগলৈ ৪ জুলাই ঘৰৰ ভিতৰত ধর্ষণ কৰে কন্যাক । পাছত সমগ্ৰ ঘটনা লুকুৱাই ৰাখিবলৈ কিশোৰীগৰাকী ভাবুকি দিয়ে পিতৃয়ে ।
মঙলবাৰে কিশোৰী গৰাকীয়ে মাতৃৰ আগত সমগ্ৰ ঘটনা অৱগত কৰাত মাতৃ আৰু পৰিয়ালৰ লোকে বগীজান আৰক্ষীক ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে । ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ আটক কৰে কিশোৰীগৰাকীৰ পিতৃক । সন্তোষ তাঁতীয়ে দীৰ্ঘদিনে সুৰাপান কৰি পত্নীকো শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়ক: জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি