ETV Bharat / state

সুকলমে সমাপন দুই যুৱতীৰ আঙুঠি পিন্ধোৱা পৰ্ব, কন্যাক ত্যাজ্য ঘোষণা ক্ষোভিত পিতৃৰ

শেহতীয়াকৈ সংবাদমাধ্যমত চৰ্চা লাভ কৰিছে এটা ব্যতিক্ৰমী প্ৰেম কাহিনীয়ে ৷ সমাজৰ সকলো বাধাকো নেওচি সুকলমে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিলে হাচিনা আৰু কৰিশ্মাই ৷ কিন্তু নিজৰ সামাজিক প্ৰেমক স্বীকৃতি দিবলৈ গৈ নিজৰ ঘৰখনকে হেৰুৱালে হাচিনাই ৷ পঢ়ক সবিশেষ...

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 2:19 PM IST

Updated : Dec 11, 2023, 3:01 PM IST

two girls engagement in Sarupathar
সুকলমে সমাপন দুই যুৱতীৰ আঙুঠি পিন্ধোৱা পৰ্ব

সৰুপথাৰ, ১১ ডিচেম্বৰ: এটা ব্যতিক্ৰমী প্ৰেম কাহিনী ৷ এয়া আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ যুৱক-যুৱতীৰ প্ৰেম কাহিনী নহয়। কাৰণ এই প্ৰেম কাহিনীত নাই কোনো নায়কৰ চৰিত্ৰ। এই প্ৰেম কাহিনীৰ দুয়োগৰাকীয়ে হৈছে নায়িকা। সোঁতৰ বিপৰীতে গৈ সমাজৰ সকলো বাধাকো নেওচি সুকলমে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিলে হাচিনা আৰু কৰিশ্মাৰ নামৰ দুই যুৱতীয়ে ৷

এই খবৰ লাভ কৰাৰ পিচতেই হাচিনাৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ পৰিয়ালৰ লোকে হাচিনাক বাৰে বাৰে এই সিদ্ধান্ত নল’বলৈ বুজাইছিল যদিও কোনো কাৰণতে হাচিনাই সেই কথা মানিবলৈ সন্মত নহয় ৷ ফলত পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ সৰুপথাৰৰ আদালতত উপস্থিত হৈ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ মাজেৰে কন্যা হাচিনা বেগম ওৰফে তনবীৰ খানক ত্যাজ্যপুত্ৰী ঘোষণা কৰে ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ বিদ্যাপুৰ গাঁৱৰ মঃ মইনউদ্দিনৰ কনিষ্ঠা কন্যা হাচিনা বেগম ওৰফে তনবীৰ খান নামৰ যুৱতীগৰাকীয়ে মেট্ৰিক পাছ কৰিয়েই তিনি বছৰৰ পূৰ্বে যোৰহাটৰ এটি NGO ত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । তেতিয়াই কৰিশ্মাক লগ লগ পাইছিল হাচিনাই ৷ কৰিশ্মা দাসৰ ঘৰ যোৰহাটত ৷ NGO ত কাম কৰি থকাৰ সময়তেই হাচিনা-কৰিশ্মাৰ সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তন হৈছিল ৷ সময়ৰ গতিত প্ৰেম ক্ৰমাৎ গভীৰৰ পৰা গভীৰতৰলৈ পৰিৱৰ্তিত হ'ল।

পৰৱৰ্তী সময়ত দুয়োগৰাকী গুৱাহাটীলৈ আহি একেলগে থাকিবলৈ ল'লে । শেহতীয়াকৈ দুয়োৱে নিজৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিবলৈ আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে ৷

পৰিয়ালৰ লোকে এই কথা গম পাই বহুত বুজাই বঢ়াইও হাচিনাক ঘৰলৈ ওভতাই আনিব নোৱাৰিলে। সংবাদ মাধ্যমত তেওঁলোকৰ প্ৰেম আৰু Engagementৰ বিষয় প্ৰকাশ হোৱাৰ পিচতে গাঁওখনত হাচিনাৰ পৰিয়াল ওলাব নোৱাৰা অৱস্থাৰ সন্মুখীন হয় ৷

এই ঘটনাই ৰুগীয়া পিতৃ তথা পৰিয়ালবৰ্গক মানসিকভাৱে ভাঙি পেলাইছে । তেওঁলোকে সমাজৰ বিপৰীতে তথা নিজা ধৰ্ম আৰু পৰম্পৰা উলংঘা কৰা বাবেই হাচিনা বেগম ওৰফে তনবীৰ খানৰ ওপৰত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: Same sex marriage petitions : ২৪ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰে সমকামী বিবাহ আবেদনৰ শুনানি

Last Updated : Dec 11, 2023, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.