ETV Bharat / state

ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ - brahmmaputra

ধুবুৰী আৰু গোৱালপাৰাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমীপৰ মনকোলা-চাইলধৰা গাঁও পঞ্চায়ত কাৰ্যালয় গ্ৰাস কৰিছে বৰলুইতৰ খহনীয়াই

ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ
author img

By

Published : Aug 7, 2019, 1:03 PM IST

ধুবুৰী, 7 আগষ্টঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া অঞ্চলত গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱলীলা ৷ ধুবুৰী আৰু গোৱালপাৰাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমীপৰ মনকোলা-চাইলধৰা গাঁও পঞ্চায়ত কাৰ্যালয় গ্ৰাস কৰিছে বৰলুইতৰ খহনীয়াই। লগতে গাঁও পঞ্চায়তৰ প্ৰায় 10 খন কৈ গাঁৱৰ বাসিন্দাৰ নিন্দ্ৰা হৰণ কৰিছে বৰলুইতৰ খহনীয়াই ৷ বিগত কেইটা দিনত পঞ্চায়তখনৰ অধীনস্থ চেঙেৰ আলগা,বাঘপাৰা,দিনেৰ আলগা,ৰায়চান্দ,ঘুনীমাৰী,পাটাকাটা,ফুলকাকাটা আৰু কামিনীৰ ভিটা গাঁও কেইখনৰ বহু কেইটা পৰিয়ালৰ বাসগৃহ নদী খনৰ খহনীয়াত জাহ গৈছে। যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ

আনহাতে,গোলাঘাটৰ সৰুপথাৰ বিধান সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত ৰেংমা নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ উৰিয়ামঘাটৰ হাতিডুবিত গড়কাপ্তানী পকী পথ ছিঙিছে ৰেংমা নদীৰ গৰাখহনীয়াই | ফলত ঘোলাপানী হালধিবাৰী,দেবীপুৰ আদি অৰ্ধশতাধিক গাৱৰ বৰ্হিঃৰাজ্যৰ লগত যোগাযোগ বিছিন্ন হৈছে | ৰেংমা নদীৰ গৰাখহনীয়া ৰোধৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই নৈপৰীয়া ৰাইজে | অসমৰ জলসম্পদ বিভাগৰ কোনো বিষয়া কৰ্মচাৰীয়ে বৰ্তমান পৰ্যন্ত অঞ্চলটোত উপস্থিত নহোৱাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

ৰাজ্যত বানৰ পাচত খহনীয়াৰ তাণ্ডৱ
Intro:Anchor - মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া অঞ্চলত গৰাখহনীয়াৰ ভয়ঙ্কৰ তাণ্ডবলীলা।
প্ৰলয়ংকৰী বানে ধুই নিয়া নামনি অসমত এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৰুদ্ৰমূৰ্ত্তিৰ ৰূপ ধাৰণ কৰিছে | নামনি অসমৰ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমীপৰ মনকোলা-চাইলধৰা গাঁও পঞ্চায়ত কাৰ্য্যলয়ক গ্ৰাস কৰিছে বৰলুইতৰ খহনীয়াই। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ এক শিহৰণ কাৰী দৃশ্য বন্দি হৈছে কেবল ইটিভি ভাৰত অসমৰ ক্যামেৰাত।Body:গাওঁ পঞ্চায়তটোৰ প্ৰায় ১০ খন কৈ গাঁৱৰ বাসিন্দাৰ নিদ্ৰা হৰণ কৰিছে বৰ লুইতৰ খহনীয়াই। বিগত কেইটা দিনত পঞ্চায়ত খনৰ অধীনস্থ চেঙেৰ আলগা, বাঘপাৰা, দিনেৰ আলগা, ৰায়চান্দ, ঘুনীমাৰী, পাটাকাটা, ফুলকাকাটা আৰু কামিনীৰ ভিটা গাঁও কেইখনৰ বহু কেইটা পৰিয়ালৰ বাসগৃহ নদী খনৰ খহনীয়াত জাহ গৈছে। ফলত তেনে পৰিয়াল কেইটা হৈ পৰিছে গৃহহীন। সম্প্ৰতি নদী খনৰ খহনীয়াৰ দুৱাৰডলিত পৰিছে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী আৰু চৰকাৰী-বেচৰকাৰী বিদ্যালয়।Conclusion:এই দৃশ্য লৈ মন কৰক। গৰাখহনীয়াই কেনেকুৱা ধ্বংস জজ্ঞৰ অভিযান চলাইছে। ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰ্ভত বিলীন হৈ গৈছে পঞ্চায়ত কাৰ্যলয়ৰ অধিকাংশ অংশ। যোৱাৰ আশংকা কৰা হৈছে আৰু কেইবাখন গাঁৱৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি সহ শাইলধৰা মধ্য ইংৰাজী মাদ্ৰাছা খন। পৰিতাপৰ বিষয় যে ইমানৰ পিছতো কিন্তু গাওঁখন লৈ সু দৃষ্টি দিয়াৰ আহৰি পোৱা নাই চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই॥

Bite1 পঞ্চায়ত প্ৰতিনিধি ॥
2 স্হানীয় নাগৰিক।
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.