ETV Bharat / state

খুমটাইত "বিশ্ব পৰিৱেশ দিৱস" পালন - বিশ্ব পৰিৱেশ দিৱস

খুমটাইৰ ভোলাগুৰী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত শুকুৰবাৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । অঞ্চলটোৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচীৰ লগতে ছাত্র ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

Khumtai environment day celebration.
Khumtai environment day celebration.
author img

By

Published : Jun 5, 2020, 8:18 PM IST

খুমটাই, 5 জুনঃ শুকুৰবাৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখিয়ে খুমটাইৰ বিভিন্ন ঠাইতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷

খুমটাইৰ ভোলাগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো বৃক্ষ ৰোপণ কৰাৰ লগতে অঞ্চলটো চাফ-চিকুণ কৰা হয় ৷ বিগত প্ৰায় সাত বছৰে ভোলাগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এই দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰি আহিছে চিত্ৰাংকণ প্ৰতিযোগিতা ৷

খুমটাইত "বিশ্ব পৰিৱেশ দিৱস" পালন

কিন্তু এইবাৰ কৰ'ণা মহামাৰীৰ বাবে কিছু ব্যতিক্ৰমী ৰূপত পালন কৰা হৈছে এই প্ৰতিযোগিতা । ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে ছবি আঁকি জমা দি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷

উল্লেখ্য যে,পৰিৱেশ দিৱসৰ দিনাই সকলোকে একোটাকৈ গছপুলি ৰোপণ কৰি সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে উদ্যোক্তাই ।

লগতে চাওকঃ বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.