ETV Bharat / state

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী

সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী চাফাৰী ৷ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে হাতী চাফাৰীৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী চাফাৰী মুকলি কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে ।

Eliphant safari open in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী
author img

By

Published : Nov 1, 2021, 1:52 PM IST

গোলাঘাট, 1 নৱেম্বৰ : পৰ্যটকৰ বাবে এক সু-খবৰ ৷ আজিৰে পৰা পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানহাতী চাফাৰীৰ সুবিধা লাভ কৰিব পাৰিব পৰ্যটক সকলে ৷ কিয়নো আজি অৰ্থাৎ সোমবাৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰা হৈছে হাতী চাফাৰী ৷

Eliphant safari open in Kaziranga National Park
হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব পাৰিব কাজিৰঙাৰ পৰ্যটকসকলে

পৰম্পৰা অনুসৰি, সোমবাৰে পুৱাই হাতী চাফাৰী আৰম্ভ কৰাৰ পূৰ্বে হাতী আৰু পৰ্যটকৰ কুশল কামনাৰ অৰ্থে মাউতসকলে হস্তী পূজা কৰে ৷ ক’ভিড প্ৰট’কল মানি কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় ১০ টা হাতীৰে আৰম্ভ কৰা হয় এই হাতী চাফাৰী ৷ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে নাৰিকল ভাঙি হাতী চাফাৰীৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী চাফাৰী মুকলি কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে ।

পৰ্যটকৰ বাবে এক সু-খবৰ

বাগৰি বনাঞ্চলত নৱেম্বৰ মাহৰ পহিলা দিনটোতেই ৩০ টা ব্যক্তিগত হাতীৰে আৰম্ভ হয় হাতী চাফাৰী ৷ হাতী চাফাৰী মুকলিৰ প্ৰথমটো দিনতে একাংশ বহিঃৰাজ্যৰ পৰ্যটকৰ লগতে চাৰি বিদেশী পৰ্যটকেও চাফাৰীৰ আনন্দ উপভোগ কৰে ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় পৰ্যটকসকল ।

Eliphant safari open in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰী

উল্লেখ যে, চলিত বৰ্ষৰ ১ অক্টোবৰৰ দিনা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰা হৈছিল জীপ চাফাৰী । উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে উল্লেখ কৰা অনুসৰি, বিগত ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখত জীপ চাফাৰী আৰম্ভ হোৱাৰ পাচত প্ৰায় ১৮০০০ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ আহিছিল ৷

ইয়াৰ যাৰ পৰা ৩৫ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষই ৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাতায়ত সুচাৰু হ’লে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।

লগতে পঢ়ক : সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.