ETV Bharat / state

গোলাঘাটত অব্যাহত বন্যহস্তীৰ ত্ৰাস - বনবিভাগ

দেওবাৰে খাদ্যৰ সন্ধানত গোলাঘাটৰ বিজি গেট অঞ্চলত বন্যহস্তীৰ জাক এটাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ মুকলি আকাশৰ তলত অৱস্থান কেইবাটাও পৰিয়াল ৷

Elephant terror
বন্যহস্তীৰ ত্ৰাস
author img

By

Published : Jan 5, 2020, 12:28 PM IST

গোলাঘাট, 5 জানুৱাৰীঃ গোলাঘাটত বৰ্তমানেও অব্যাহত হাতী মানুহৰ সংঘাত ৷ দেওবাৰে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বিজি গেট অঞ্চলত বন্যহস্তীৰ জাকে কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ বন্যহস্তীৰ এই আক্ৰমণত কেইবাটাও পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

গোলাঘাট
বন্যহস্তীৰ তাণ্ডৱ

জানিব পৰা মতে দীৰ্ঘ দিন ধৰি অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে ৷ নিশাটো বাদেই দিনৰ ভাগতো জাকে জাকে বন্যহস্তী খাদ্যৰ সন্ধানত গাঁৱৰ জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ একেদৰে দেওবাৰেও হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰৱেশ কৰি চাউল, ধানকে আদি কৰি ঘৰৰ ভিতৰত থকা আন আন সামগ্ৰী সমূহ খাই তহিলং কৰে ৷ ইপিনে গাঁও বাসীৰ অভিযোগ অনুসৰি হাতীৰ জাকটোক খেদিবলৈ তেওঁলোকে বনবিভাগক খবৰ দিছিল যদিও বন বিভাগৰ লোকে এই সন্দৰ্ভত কোনো গুৰুত্ব দিয়া নাই৷

গোলাঘাটত বন্যহস্তীৰ ত্ৰাস

লগতে পঢ়ক - কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

Intro:গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । হাতীৰ জাকে আজি পুনৰ ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।মুকলি আকাশৰ তলত কেইবাটাও পৰিয়ালৰ ।
গোলাঘাট আজিও অব্যাহত বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনৰ বিজি গেট অঞ্চলত ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ । হাতীৰ জাকে খাই তহিলং কৰে চাউল,ধানকে ধৰি ঘৰৰ ভিতৰত থকা আন আন সামগ্ৰী । দীর্ঘদিনে অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱঅব্যাহত আছে । নিশাটো বাদেই দিনৰ ভাগতে জাকে জাকে বন্য হস্তী খাদ্যৰ সন্ধানত দিনৰ ভাগতে প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইফালে হাতীৰ জকটোক খেদিবলৈ খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ উপস্থিত নহয় বন বিভাগৰ লোক ।Body:Byte 1 ,2: ভূক্তভোগী Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.