ETV Bharat / state

গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাতঃ ভাঙিলে বজাৰ গৃহ - Elephant terror at Golaghat

দূৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত বুধবাৰে নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে ভাঙি তহিলং কৰিলে জিলা খনৰ মুৰফুলনীৰ বজাৰগৃহ ।

হাতীয়ে ভাঙিলে বজাৰ গৃহ
author img

By

Published : Oct 3, 2019, 1:01 PM IST

গোলাঘাট, 3 অক্টোবৰঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংগ্ৰাম ৷ জিলাখনৰ মুৰফুলনীত বজাৰ গৃহ ভাঙি তহিলং কৰিলে বন্যহস্তীৰ এটা বৃহৎ জাকে ।

হাতীয়ে ভাঙিলে বজাৰ গৃহ

এতিয়া দিনে নিশাই নুমলীগড়ত চলিছে বন্যহস্তীৰ উপদ্ৰৱ । দৈনিক জাকে জাকে বন্যহস্তী জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে । বুধবাৰেও এটা বৃহৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে মুৰফুলনীৰ কেইবাটাও বজাৰগৃহ । ইপিনে নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী আৰু চাহ বাগিছাত জাকে জাকে বন্যহস্তীয়ে আশ্ৰয় লৈ থাকে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । অৱশেষত ৰাইজে হাতে হাতে জুই, বম, ফটকা লৈ নিজৰ ঘৰখন আৰু খেতি পথাৰখন পহৰা দিব লগীয়া হৈছে ৷ স্থানীয় লোকসকলে হাতী খেদিবলৈ চেষ্টা কৰিও বিফল হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে । এনেদৰে এতিয়া গোলাঘাটত হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে । ইফালে ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগৰ লোকক খবৰ দিয়াৰ পিচতো বনকৰ্মীয়ে হাতী খেদিবলৈ গাঁও খনত উপস্থিত নহ'ল । সেয়ে স্থানীয় লোকে বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰে ।

Intro:গোলাঘাট ত অব্যাহত আছে হাতী, মানুহৰ সংঘাত।দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত নিশা হাতীৰ বৃহৎ জাকে ভাঙি তহিলং কৰিলে মুৰফুলনীৰ  বজাৰগৃহ ।

Body:সমাগত দুৰ্গাপূজা ।সকলোৱে পূজাৰ বজাৰ  কৰিবলৈ ঢাপলি মেলিছে বজাৰলৈ ।ঠিক সময়তে গোলাঘাট মুৰফুলনীত বজাৰ গৃহ ভাঙি তহিলং কৰিলে গজৰাজৰ বৃহৎ জাকে । এই দৃশ্য  গোলাঘাট মুৰফুলনী অঞ্চলৰ। এতিয়া দিনে নিশাই নুমলীগড়ত চলিছে বন্য হস্তীৰ উপদ্ৰপ ।দৈনিক জাকে জাকে বন্যহস্তী  জনা্ঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ । নিশা ৪০-৫০ জনীয়া এটা বৃহ্ৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে মুৰফুলনীৰ কেইবাটাও বজাৰগৃহ । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰ খন , খেতি পথাৰ ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে  । স্থানীয় লোকসকলে খেদিবলৈ চেষ্টা কৰিও বিফল হয় । এনেদৰে এতিয়া গোলাঘাট ত ভয়াৱহ ৰূপ লৈছে হাতী,মানুহৰ সংঘাতে  । ইফালে খবৰ দিয়াৰ পিছতো  বনকৰ্মী য়ে হাতী খেদিবলৈ  নহাৰ অভিযোগ । স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । গোলাঘাট ৰ বিভিন্ন অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷Conclusion:Byte1 : স্থানীয় ব্যক্তি
গোলাঘাট পৰা চামিম আলী etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.