ETV Bharat / state

গোলাঘাটৰ বকিয়ালত গজৰাজৰ আৰ্তনাদ

author img

By

Published : Sep 5, 2022, 9:56 PM IST

গোলাঘাটৰ বকিয়ালত ঢপলিয়াই ফুৰিছে এটা প্ৰকাণ্ড গজৰাজে (Injured elephant scare in Golaghat) । কাণৰ তলৰ অংশৰে তেজ নিগৰি অহাত কোনো লোকে আক্ৰমণ কৰাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ (Man suspects to have attacked an injured elephant) । কিন্তু কি কাৰণত হাতীটোৰ এই অৱস্থা এতিয়াও সন্দেহৰ আৱৰ্তত ।

Injured elephant scare in Golaghat
গোলাঘাটৰ বকিয়ালত গজৰাজৰ আৰ্তনাদ

গোলাঘাট,৫ ছেপ্তেম্বৰ: গোলাঘাটৰ বকিয়ালত এটা প্ৰকাণ্ড হাতীৰ ছটফটনি(Injured elephant scare in Golaghat) । মানুহৰ বাৰী,গাঁৱৰ পথেৰে ছটফটাই ঢপলিয়াইছে হাতীটোৱে । হাতীটো এইদৰে ছটফটাই অৱস্থান কৰিছে এখন চাহ বাগিচাত । হাতীটোৰ কৰুণ অৱস্থা দেখি চিন্তিত গাঁওবাসী (Elephant menace in Golaghat) ।

স্থানীয় লোকে হাতীটো আঘাতপ্ৰাপ্ত বুলি প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক । বহু সময় ধৰি হাতীটো ঢপলিয়াই ফুৰাত শংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল । বহু সময়ৰ পিছত গোলাঘাটৰ বন বিভাগৰ দল উপস্থিত হয় ঘটনাস্থলীত । তেওঁলোকে হাতীটো আঘাতপ্ৰাপ্ত নহয় বুলি উল্লেখ কৰি ভাতিখোলাৰ হাতী বুলি অৱগত কৰে সংবাদ মাধ্যমক ।

গোলাঘাটৰ বকিয়ালত গজৰাজৰ আৰ্তনাদ

আনহাতে স্থানীয় লোকৰ সন্দেহ কৰে যে হাতীটোক কোনো লোকে গুলীয়াই আঘাত কৰিছে (Man suspects to have attacked an injured elephant) । ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ । প্ৰকৃততে হাতীটো আঘাতপ্ৰাপ্ত নে আন কাৰণতহে ধৰফৰাই ফুৰিছে সেয়া বৰ্তমান নিশ্চিত হোৱা নাই । কিন্তু যিয়েই নহওক সাধাৰণ ৰাইজে জানিব বিচাৰে প্ৰকৃততে বন্য হস্তীটোৰ কি হৈছে ।

কোনো জীৱ শ্ৰেষ্ঠৰ আক্ৰমণৰ বলি হৈছে নেকি হাতীটো । উল্লেখযোগ্য যে, খাদ্যৰ সংকটত পৰি বনাঞ্চলৰ হাতীয়ে এতিয়া জনাঞ্চলত নিতৌ সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Man elephant conflict in Assam) । বনাঞ্চল ধ্বংসৰ পৰিণতিতে হাতী আৰু মানুহৰ মাজত সৃ্ষ্টি হৈছে সংঘাতৰ । ইয়াৰ উপৰিও গোলাঘাটৰ বিভিন্ন প্ৰান্তত নিতৌ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ । যাৰ পৰিণতিত কোনো লোক অতিষ্ঠ হৈ হাতীটোক আক্ৰমণ কৰা বুলি সন্দেহ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুওৱা উচিত নহয় : ময়ূৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.