গোলাঘাট, 25 মে': এফালে ক’ভিড মহামাৰীৰ সন্ত্ৰাস আনফালে নিশা হ'লেই বন্যহস্তীৰ উপদ্ৰৱ । গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত ভূতৰ ওপৰত দানহ পৰা দি আতংক চলাইছে বনৰীয়া হাতীয়ে । গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাৰ 5নং আৰু 21 নম্বৰ লাইনত নিশা বন্যহস্তীৰ উপদ্ৰৱ । নুমলীগড় চাহ বাগিচাৰ কেইবাটাও লাইনত ইতিমধ্যে প্ৰশাসনে ঘোষণা কৰিছে কন্টেইনমেণ্ট জ'ন ।
ইতিমধ্যে বাগিচা খনৰ বহুকেইটা লাইনত আৰম্ভ হৈছে ক’ভিডৰ-19 ৰ গণ সংক্ৰমণ । ইফালে ভূতৰ ওপৰত দানহ পৰাদি নিশা কাৰ্বি পাহাৰৰ পৰা নামি অহা বৃহৎ বন্যহস্তীৰ জাকে প্ৰশাসনে ঘোষণা কৰা কন্টেইনমেণ্ট জ'নত কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে । 5 নং লাইনৰ উপৰিও বাগিচাখনৰ 21 নম্বৰ লাইনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীৰ জাকটোৱে ।
বাৰম্বাৰ বন বিভাগৰ লোকক খবৰ দিয়া স্বতেও কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে । নুমলীগড়ত চাহ বাগিছাৰ শ্ৰমিকসকলক এফালে কৰ’ণাৰ আতংক আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে ৷
লগতে পঢ়ক : অৰুণাচলক চীনৰ অংশ বুলি কৈ গ্ৰেপ্তাৰ লুধিয়ানাৰ ইউ টিউবাৰ