গোলাঘাট, 10 ডিচেম্বৰ : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ সমানে সমানে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় গোলাঘাট জিলা প্ৰশাসন ৷ গোলাঘাট জিলাৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসৰি জিলা পুথিভঁৰালত খুমটাই আৰু গোলাঘাট বিধান সভা সমষ্টিৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠকত মিলিত হয় ৷
উল্লেখ্য যে, এই নিৰ্বাচনী বৈঠকত সজাগতাৰ মাজেৰে কি দৰে ১৮ বছৰৰ ব্যক্তিয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ভুল হৈ থকা তথ্য শুদ্ধৰণি কৰাৰ লগতে সমষ্টি সাল-সলনি আদি নিৰ্দিষ্ট প-পত্ৰ জৰিয়তে কেনেদৰে কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷
লগতে পঢ়ক: বুলেটৰ পৰা বেলট লৈ বি আৰ ফেৰেংগা