গোলাঘাট, 5 এপ্ৰিল : সৰুপথাৰ আৰক্ষীৰ বৃহৎ সফলতা । গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলী (Drugs peddler arrested) । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাৰ লগতে উজনি অসমত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল আটকাধীন কুখ্যাত ড্ৰাগছ বেপাৰী সঞ্জু আলীয়ে ।
তথ্য অনুসৰি, সোমবাৰে দিনৰ ভাগত কাৰ্বি আংলং জিলাৰ খটখটিৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক ৷ আটকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই সোমবাৰে নিশা সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অতি কৌশলেৰে ধৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড সঞ্জু আলীক ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গোলাঘাট আৰক্ষীয়ে সঞ্জু আলীৰ লগতে তেওঁক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছিল । কিন্তু জামিনত মুক্তি লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ ব্যৱসায়ত নামি পৰে সঞ্জু আলী । কেৱল ড্ৰাগছ ব্যৱসায়েই নহয়, ২০২০ চনৰ এপ্ৰিল মাহত সৰুপথাৰত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ লগতো জড়িত আছিল ধৃত সঞ্জু ।
লগতে পঢ়ক : Ganja Seized in Karimganj : অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৪ লাখ টকাৰ গাঞ্জা
তথ্য অনুসৰি, ২০২০ চনৰ এপ্ৰিল মাহত সৰুপথাৰ নগৰৰ মাজ মজিয়াত নকচু খান নামৰ এজন যুৱকক সঞ্জু আলীয়ে তেওঁৰ তিনি ভাতৃৰ সৈতে মিলি হত্যা কৰিছিল ৷ ইফালে আৰক্ষীৰ এক গোপন সূত্ৰৰ পমখেদি লাভ কৰা তথ্য অনুসৰি, চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডকে ধৰি সমগ্ৰ অসমত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে ডিমাপুৰৰ ডিডিয়ে ৷
এই ডিডিৰ সৈতে অসমত ড্ৰাগছৰ মুখ্য সৰবৰাহকাৰী হিচাপে জড়িত আছিল ধৃত সঞ্জু আলী । ইফালে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰিছে যে, আটকাধীন সঞ্জু আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত উজনি অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা চক্ৰটোকো আটক কৰিবলৈ সক্ষম হ’ব আৰক্ষী ।
উল্লেখ্য যে, মঙলবাৰে ধৃত সঞ্জুক খটখটি থানাত ৩৫/২২ নম্বৰৰ বিপৰীতে এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ২১ চি/২৪/২৯ NDPS Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক : হায়দৰাবাদত 'Most Wanted' চোৰ মুচুক গ্ৰেপ্তাৰ