বোকাখাত,১৩ জুলাই : চৰকাৰে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে । জল জীৱন মিছনৰ দৰে আঁচনিও হাতত লৈছে (Jal Jeevan Mission in Assam)। চৰকাৰে দাবী কৰা মতে এই আঁচনি বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী হৈছে । কিন্তু ইয়াৰ পৰিৱৰ্তে অসমত এতিয়াও একাংশ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।
গোলাঘাটৰ বোকাখাত সমষ্টিৰ এখন গাঁৱৰ ৰাইজে বৰ্তমানেও খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে (Drinking water crisis in Bokakhat)। নৈ অথবা জুৰিৰ পানীয়ে একমাত্ৰ ভৰষা ৰাইজৰ । মহমাইকী পঞ্চায়তৰ শিলভেটা অঞ্চল জল জীৱন মিছন আঁচনিয়ে ঢুকি পোৱা নাই । এই অঞ্চলটো আচলতে কাৰ্বি আংলং আৰু বোকাখাতৰ সীমান্তৱৰ্তী অঞ্চল ।
স্বাধীনতাৰ ৭৫ বছৰ পিছতো এটুপি খোৱাপানীৰ অভাৱ অঞ্চলটোত । গাঁওখনৰ প্ৰায় ১২০ টা পৰিয়ালৰ বিপৰীতে আছে এটা মাত্ৰ দমকল । কিন্তু দমকলটোৰ অৱস্থাও অতি পুতৌ লগা । সেয়ে কাৰ্বি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী খায় জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । ফলত অঞ্চলটোৰ বহু লোক চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ।
বোকাখাতত এটা বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো বছৰ বছৰ ধৰি খোৱাপানীৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাৰ সমষ্টি হোৱা স্বত্ত্বেও সেই অঞ্চলৰ ৰাইজে এনেদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । অতি শীঘ্ৰে অঞ্চলটোত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে ৰাইজে ।
লগতে পঢ়ক :Protest at Barpeta : বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ