ETV Bharat / state

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বোকাখাতৰ বানাক্ৰান্তৰ

author img

By

Published : Aug 31, 2021, 8:50 PM IST

বোকাখাতৰ ১৫ খনৰো অধিক গাঁও বানৰ কৱলত পৰিছে । বহু স্থানত খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে বানাক্ৰান্ত ৰাইজ । কিন্তু প্ৰশাসন তথা চৰকাৰে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী লোকৰ ।

flood
বিশুদ্ধ খোৱাপানীৰ অভাৱ বোকাখাতৰ বানাক্ৰান্তৰ মাজত

বোকাখাত, ৩১ আগষ্ট : ভদীয়া বানে (Flood) সম্প্ৰতি ত্ৰাসৰ সৃষ্টি কৰিছে অসমৰ ভিন্ন প্ৰান্তত । ৰাজ্যখনৰ প্ৰায় ১৫ খনকৈ জিলা বানৰ কৱলত পৰিছে । গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক । বহু গাঁও এতিয়া পানীৰ তলত ।

বহুতৰে আকৌ বিঘাই বিঘাই কৃষিভূমি পানীত বুৰ গৈছে । মুঠতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে অসমত । বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ ভিতৰত অন্যতম হৈছে গোলাঘাট জিলা । জিলাখনৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কৱলত পৰিছে ।

বিশেষকৈ বোকাখাত অঞ্চলৰ প্ৰায় ১৫ খন গাঁৱৰ কৃষকৰ সপোন তচনচ কৰিলে বানে । প্ৰায় ৩০ হেক্টৰ কৃষিভূমি পানীত ডুব গৈছে । গৃহহীন হৈ পৰা বহু লোকসকলে মথাউৰি আৰু ওখ স্থানত আশ্ৰয় লৈছে । গৰু, ছাগলী আৰু পোহনীয়া জন্তু আদিৰ সৈতে নিৰাপদ স্থানত আশ্ৰয় লৈছে বানাক্ৰান্ত ৰাইজে ।

বোকাখাতৰ যুগনীয়া, পৰগনীয়া, মৰিয়াহলা, মিছামৰিয়াকে ধৰি প্ৰায় ১৫ খন গাঁও এতিয়া বানৰ কৱলত । খাদ্য, খোৱাপানী আদিৰ সংকটত পৰিছে লোকসকল । কিন্তু লক্ষণীয়ভাৱে বানাক্ৰান্তৰ সহায়ৰ বাবে এতিয়ালৈ উপস্থিত হোৱা নাই মহকুমা প্ৰশাসন তথা পঞ্চায়তৰ লোকসকল ।

বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈ কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা নাই বুলি অভিযোগ কৰিছে বানাক্ৰান্তই । বিশুদ্ধ খোৱা পানীৰো কোনো ব্যৱস্থা এতিয়ালৈ কৰা নাই প্ৰশাসনে । স্থানীয় লোকৰ অভিযোগ যি এটা দমকল আছিল সেইটোও ললিত দত্ত নামৰ এজন যুৱকে তাৰ পৰা উঠাই নি নিজৰ বাৰীত স্থাপন কৰিছে ।

যাৰ বাবে এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে । কি কাৰণে সেই দমকল যুৱকজনে উঠাই নি নিজ ঘৰত বহুৱালে তাৰ এক উচিত তদন্ত হ'ব লাগে বুলি মহকুমা প্ৰশাসনক দাবী জনাইছে ৰাইজে । লগতে অতি শীঘ্ৰে লোকসকলক খাদ্য আৰু খোৱা পানী যোগান ধৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.