ETV Bharat / state

Asam Sahitya Sabha controversy: অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত পোচাক বিতৰ্ক - কুলধৰ শইকীয়াৰ পোচাক বিতৰ্ক

অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত পোচাক বিতৰ্ক (Controversy of Asam Sahitya Sabha) ৷ সভাপতি কুলধৰ শইকীয়াই জাতীয় সাজপাৰ পৰিধান নকৰাকৈ পতাকা উত্তোলন কৰাৰ বাবে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ আহ্বান জনায় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে ৷

Asam Sahitya Sabha controversy
অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত পোচাক বিতৰ্ক
author img

By

Published : Dec 27, 2021, 9:50 PM IST

গোলাঘাট, 27 ডিচেম্বৰ : অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত পোচাকক লৈ সৃষ্টি হৈছে বিতৰ্ক (Controversy of Asam Sahitya Sabha)। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত সোমবাৰে অনুষ্ঠিত হৈ যায় অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস । অনুষ্ঠানটোৰ আৰম্ভণিৰ এটা কাৰ্যসূচীত সভাপতিগৰাকীয়ে পৰিধান কৰা পোচাকক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অধিৱেশনৰ পতাকা উত্তোলন কৰোতে পৰিধান কৰা পোচাকক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Kuladhar Saikia dress code controversy)। অসম সাহিত্য সভাৰ সংবিধান অনুসৰি সভাৰ যিকোনো অনুষ্ঠানৰ পতাকা উত্তোলন কৰোঁতে উত্তোলকগৰাকীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰাটো বাধ্যতামূলক যদিও সোমবাৰে জাতীয় অনুষ্ঠানটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মূল পতাকা উত্তোলন কৰোঁতে ইয়াৰ বিপৰীত ছবি দেখা পোৱা গ’ল ।

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত পোচাক বিতৰ্ক

এইক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে, এই পৰিৱেশ অবাঞ্চিত ৷ সভাপতিগৰাকীয়ে জাতীয় পোচাক পৰিধান কৰি পতাকাখন উত্তোলন কৰাহেঁতেন কাৰ্যসূচীটো অধিক প্ৰাণৱন্ত হ’লহেতেন ৷ আনহাতে এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে, সাহিত্য সভাৰ নিৰ্দিষ্ট পোচাক থকা উচিত নহয় ৷ যাৰ যেনেকৈ সুবিধা হয় তেনেদৰেই সাহিত্য সভাৰ অনুষ্ঠানলৈ আহিব পাৰিব লাগে ৷ ইউনিফৰ্মৰ ব্যৱস্থা কৰিলে নতুন ল’ৰা-ছোৱালী সভাৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ওলাই নাহিব বুলি উল্লেখ সভাপতিগৰাকীৰ ৷

লগতে পঢ়ক: Assam Sahitya Sabha on Language controversy: কি ক’লে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.