ETV Bharat / state

আজিও কাৰ্যক্ষম নহ'ল বৰবালি সমীপৰ দৈয়াং নৈ জলসিঞ্চন আঁচনি - irrigation depertment

কোটি টকাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ বৰবালিৰ দৈয়াং নৈত নিৰ্মাণ কৰা জনসিঞ্চন আচঁনি আজিকোপতি কাৰ্যক্ষম হৈ নুঠিল ৷ বৰবালি জলসিঞ্চন আচঁনিখন অধীনত নিৰ্মাণ কৰা তিনিটাকৈ পানীৰ পাম্প নিয়ন্ত্ৰণ কক্ষও আজি ভূতবাংলাত পৰিণত হৈছে ৷ যাৰ বাবে নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰা পাচতে এক আশাৰ ৰেঙণি দেখিছে বৰবালি কৃষক ৰাইজে ৷

আজিও কাৰ্যক্ষম নহ'ল বৰবালি সমীপৰ দৈয়াং নৈ জলসিঞ্চন আঁচনি

author img

By

Published : May 31, 2021, 9:51 PM IST

সৰুপথাৰ, 31 মে' : আজিকোপতি সম্পূৰ্ণ নহ'ল গোলাঘাট জিলাৰ সৰুপথাৰৰ বৰবালিৰ দৈয়াং নৈত স্থাপন কৰা এখন কোটি টকীয়া জলসিঞ্চন আঁচনি ৷ বৰবালি গাঁৱৰ কৃষক ৰাইজৰ সুবিধাৰ্থে আৱণ্টন কৰা হৈছিল এই কোটি টকীয়া জলসিঞ্চন আঁচনিখন ৷ কিন্তু সম্পূৰ্ণ নোহোৱাত ক্ষোভত ভাগি পৰিছে বৰবালি গাঁৱৰ কৃষক ৰাইজ ৷

ভবা হৈছিল সৰুপথাৰ জলসিঞ্চন বিভাগৰ অধীনত নিৰ্মাণ কৰা এই বৃহৎ জলসিঞ্চন আচঁনিখনে সৰ্বতো প্ৰকাশে বৰবালি কৃষক ৰাইজক সহাঁয় কৰিব ৷ পিচে আজিও সম্পূৰ্ণ হৈ নুঠিল এই কোটি টকীয়া আঁচনিখন ৷ যাৰ বাবে বৰবালি কৃষক ৰাইজে অভিযোগৰ আঙুলি টোৱাইছে সৰুপথাৰ জলসিঞ্চন বিভাগলৈ ৷

আজিও কাৰ্যক্ষম নহ'ল বৰবালি সমীপৰ দৈয়াং নৈ জলসিঞ্চন আঁচনি

বৰবালি জলসিঞ্চন আচঁনিখন অধীনত তিনিটাকৈ পানীৰ পাম্প নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু সেই পাম্প কেইটাও বিকল হৈ পৰি আছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি এই পাম্প কেইটা নিয়ন্ত্ৰণৰ বাবে যিটো ঘৰ নিৰ্মাণ কৰা হৈছিল সেই ঘৰটো এতিয়া হাবি-বননীয়ে আৱৰি থকা এটা ভূতবাংলালৈ পৰিণত হৈছে ৷

এই সমগ্ৰ বিষয়টো উদ্ধতম কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও আজি বিভাগীয় ফালৰ পৰা এই জলসিঞ্চন আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে বৰবালি কৃষক ৰাইজে ৷ বিগত সময়ছোৱাত বতৰৰ বিধি পথালিৰ বাবে প্ৰায়ে এক প্ৰত্যাহ্বানৰ সন্মুখিন হৈ আহিছে বৰবালি কৃষক ৰাইজে ৷

ৰাইজৰ এনে দুখ-কষ্ট সহিব নোৱাৰি বিগত বৰ্ষত সমাজ কৰ্মী জীৱন চুতীয়া নামৰ এজন লোকেও গাঁঠিৰ ধন ভাঙি পথাৰত পানীৰ ব্যৱস্থা কৰিছিল ৷ ইয়াৰ পাতো অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চমন বিভাগে গুৰুত্ব প্ৰদাম নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় কৃষক ৰাইজে ৷

গতিকে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে কাৰ্যবাৰ গ্ৰহণ কৰাৰ পাচতে এক আশাৰ ৰেঙণি দেখিছে সৰুপথাৰৰ বৰবালি কৃষক ৰাইজে ৷ যাৰ বাবে দৈয়াং নৈত নিৰ্মাণ কৰা উক্ত পানী যোগান আঁচনিখন ক্ষেত্ৰত গুৰুত্ব প্ৰদাণ কৰি অতি সোনকালে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগী মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বৰবালি কৃষক ৰাইজে ৷

লগতে পঢ়ক : জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.