ETV Bharat / state

Dhansiri river erosion; ধনশিৰি নদীৰ গৰাখহনীয়াৰ কৱলত কৈৰি গাওঁ

author img

By

Published : Nov 20, 2021, 9:48 PM IST

Updated : Nov 21, 2021, 8:49 AM IST

গৰাখহনীয়াই ক্ৰমান্বয়ে নিঃশেষ কৰি অহা সৰুপথাৰৰ এখন গাঁৱৰ কথা, চাওক এই প্ৰতিবেদন ৷

dhansiri-river-erosion
Dhansiri river erosion; ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত কৈৰি গাওঁ

সৰুপথাৰ, 20 নৱেম্বৰ : সৰুপথাৰৰ এখন গাঁও, নাম কৈৰিগাঁও ৷ যোৱা দুটা দশক ধৰি হৈ অহা ধনশিৰিৰ গৰাখহনীয়াৰ বাবে বিধ্বস্ত হৈ পৰিছে গাঁওখন ৷ প্ৰায় 800ৰো অধিক লোকৰ বসতিপূৰ্ণ গাঁওখনত গৃহহীন হৈছে প্ৰায় 200 পৰিয়াল ৷

dhansiri-river-erosion
ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত কৈৰি গাওঁ

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ইতিমধ্যে গাঁওখনৰ প্ৰায় 700 বিঘাৰো অধিক ভূমি জাহ গৈছে ধনশিৰিৰ বুকুত ৷ অঞ্চলটোত থকা জলসিঞ্চন বিভাগৰ কাৰ্যালয়টো খহনীয়াত জাহ যোৱাৰ লগতে 50 বছৰীয়া ঐতিহ্য বহনকাৰী পুৰণি জামে মছজিদটোও গতি কৰিছে নিঃশেষৰ দিশে ৷ পূৰ্বৰ কংগ্ৰেছ শাসিত চৰকাৰৰ দিনতো চৰকাৰী কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়া বুলি মন্তব্য কৰি গাঁওবাসীয়ে ক’লে, নদীৰ গৰাখহনীয়াত বৰ্তমান গাঁওখনৰ ভূমি অধিক সংকুচিত হৈ পৰিছে ৷

Dhansiri river erosion; ধনশিৰি নদীৰ গৰাখহনীয়াৰ কৱলত কৈৰি গাওঁ

গাঁৱৰ মূল পথটোও ধনশিৰিৰ গৰাখহনীয়াত জাহ যোৱাত জীয়াতু ভূগিব লগীয়া হৈছে ৰাইজ ৷ ইফালে স্থানীয় ৰাইজে এতিয়া লোকৰ বাৰী মাজেৰে অহা-যোৱা কৰিব লগীয়া দৰে পৰিৱেশৰ সৃষ্টি হৈছে ৷ শোচনীয় যাতায়ত ব্যৱস্থাৰ বাবে চিকিৎসা সেৱাও সুচল নহয় গাঁওখনত ৷ বাৰিষাৰ কালচোৱাত অতি বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় ৰাইজে ৷ ইয়াৰোপৰি এই পথেৰে ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট কষ্টেৰে অহা যোৱা কৰি শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে ৷ নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰিও একো সুফল কোনো সুফল নাপালে কৈৰি গাওঁবাসীয়ে ৷

dhansiri-river-erosion
ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত কৈৰি গাওঁ

শেহতীয়াকৈ সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে গাঁওখনৰ এই জ্বলন্ত সমস্যটো ৰোধৰ বাবে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীক অৱগত কৰাৰ কথাও জনালে স্থানীয় লোকসকলে ৷ অৱশ্যে গাঁওখনত হৈ অহা ধনশিৰিৰ এই প্ৰৱল গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

dhansiri-river-erosion
ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত কৈৰি গাওঁ

লগতে পঢ়ক : ৰঙা বনাঞ্চলত চৰকাৰী বিষয়াক বেদখলকাৰীৰ আক্ৰমণ

Last Updated : Nov 21, 2021, 8:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.