গোলাঘাট, 28 অক্টোবৰ: অস্বাভাৱিক গতিত বৃদ্ধি হ'ব ধৰিছে ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ । নেৰানেপেৰা বৰষুণৰ বাবে ধনশিৰি আৰু দৈয়াং নদীৰ লগতে উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে । মিঠাআম চাপৰি, কেন্দুগুৰি, যাঠিপতিয়া আদি অঞ্চলৰ শ শ বিঘা পকা ধাননি পথাৰ পানীৰ তলত বুৰ গৈছে । বহুকেইটা পৰিয়ালৰ ঘৰ ধনশিৰি নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম ঘটিছে । উপায়ন্তৰ দুৰ্ভগীয়া পৰিয়ালে নিজৰ ঘৰ এৰি পথৰ ওপৰত আশ্ৰয় লব লগা হৈছে । নীপকোৰ "দৈয়াং জল বিদ্যুত প্ৰকল্প"ৰ পানী এৰাৰ সম্ভাৱনাৰ বাবে গোলাঘাট জিলা প্ৰসাশনে ৰেড এৰ্লাট জাৰি কৰিছে । জিলা উপায়ুক্তই সকলো বিভাগীয় মূৰব্বীকে ধৰি সকলো পক্ষকে সৰ্তকতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে । নীপকোৰ জাননীৰ পিছতে অধিক আতংকিত হৈ পৰিছে নৈপৰীয়া স্থানীয় লোকসকল । কাৰণ নীপকোৱে পুনৰ পানী এৰিলে ভয়াবহ জলপ্ৰলয়ৰ সৃষ্টি হ'ব সমগ্ৰ মৰঙী মৌজাত । আতংকিত লোকসকলে নিজৰ বয়-বস্তু লগত লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে ।
লগতে পঢ়কঃ জুৱা খেলত বাধা দিয়াই কাল হ'ল দুই যুৱকৰ !
ধনশিৰি মহকুমাৰ দৈয়াং পৰীয়া অঞ্চলকে ধৰি গোলাঘাট মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল আৰু নৈপৰীয়া গাৱঁসমূহলৈ যিকোনো সময়তে নামি আহিবলৈ পাৰে ভয়াবহ বিপদ । প্ৰশাসনে মৰঙী, খুমটাই, সৰুপথাৰ আৰু বোকাখাত ৰাজহ চক্ৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক বানপানীৰ পৰা সাম্ভাব্য বিপদ প্ৰতিহত কৰিবৰ বাবে সজাগ থাকিবলৈ আহ্বান জনাইছে । গোলাঘাট জিলা প্ৰসাশনে "নৈত গা ধোৱা, মাছ মাৰিবলৈ যোৱাৰ পৰা বিৰত থাকক, সৰু ল'ৰা ছোৱালীক নদীৰ কাষলৈ যাবলৈ নিদিব, নদীত নাও চলোৱাৰ পৰা বিৰত থাকক, ওলমি থকা বিদ্যুতৰ তাঁৰত স্পৰ্শ নকৰিব, ট্ৰেন্সফৰ্মাৰ পানীত ডুব গৈ থাকিলে বিভাগক অৱগত কৰক " ইত্যাদি নিৰ্দেশনা জাৰি কৰিছে ৷