দেৰগাঁও,২৮ জুনঃ শুকুৰবাৰে বিয়লি ৩ মান বজাত সমনীয়াৰ লগত গা ধুৱলৈ গৈ গেলাবিল নদীৰ সুঁতিত এজন ছাত্ৰৰ সলিল সমাধি ঘটে। জানিব পৰা মতে দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দিচৈ দীঘলীপাম গাঁৱৰ মন্টু আলি আৰু ৰুনা জাহানৰ পুত্ৰ চাইফুল আহমেদে সমনীয়াৰ লগত গেলাবিল নদীৰ এটি সুঁতিত গা ধুই থাকোতে হঠাৎ নদীৰ গভীৰতাৰ মাজত সোমাই পৰে।
সমনীয়া কেইজনে চিঞৰ বাখৰ কৰাত নদীৰ কাষৰে বাসিন্দা ছাত্ৰজনৰ সম্পৰ্কীয় ইদ্ৰিছ আলি নামৰ ব্যক্তিজনে ছাত্ৰজনক পানীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ দেৰগাঁও 30খন বিছনাযুক্ত চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰজনক। ছাত্ৰজন দেবেন শৰ্মা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীত অধ্যয়নত আছিল। ছাত্ৰ জনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকঁৰ ছা পৰে ৷