ETV Bharat / state

বোৱাৰী নিৰ্যাতনত অভিযুক্ত শিক্ষক পৰিয়াল

author img

By

Published : Jun 29, 2021, 10:03 AM IST

এটা ফেচবুক পোষ্টক লৈ গোলাঘাটত চাঞ্চল্য । স্বামী, শহুৰ-শাহুৰ বিৰুদ্ধে এই ফেচবুক পোষ্ট । স্বামী গৃহত‌ অকথ্য নিৰ্যাতনৰ পিছত এগৰাকী বোৱাৰীৰ এই ফেচবুক পোষ্ট । শহুৰ-শাহু আৰু স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ।

শিক্ষক-শিক্ষয়ত্ৰী শহুৰ-শাহুৰ নামিছে বোৱাৰীক নিৰ্যাতন চলোৱাত

গোলাঘাট, 29 জুন : এগৰাকী উপায়হীন বোৱাৰীৰ এটা ফেচবুক পোষ্ট । শহুৰ-শাহু আৰু স্বামীৰ দ্বাৰা অকথ্য নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ বোৱাৰীগৰাকীৰ । আনকি নিৰ্যাতন চলাই দুৰ্ভগীয়া বোৱাৰী গৰাকীক ঘৰৰ পৰা উলিয়াই দিয়া বুলি জানিব পৰা গৈছে ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ ৩ নং ফলঙনিত ।

উল্লেখযোগ্য যে, কলেজত পঢ়ি থকাৰ সময়তে ৩ নং ফলঙনিৰ উজ্জ্বল গোৱালাৰ লগত প্ৰেমত পৰি দুই ঘৰৰ অনুমতি সাপেক্ষে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী । কিন্তু বিয়াৰ পাচৰে পৰা স্বামীগৃহত নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে দুৰ্ভগীয়া মহিলাগৰাকী । মহিলা গৰাকীয়ে অভিযোগ কৰা অনুসৰি, শহুৰ-শাহু আৰু স্বামীয়ে মিলি নিৰ্যাতন চলাই আহিছে তেওঁক । বিবাহৰ ছমাহৰ পিছৰে পৰা অকথ্য নিৰ্যাতনত ভুগি আহিছে মহিলাগৰাকী ।

আনহাতে, বোৱাৰী গৰাকীৰ অভিযোগ অনুসৰি তেওঁ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনোধৰণৰ সহযোগিতা লাভ কৰা নাই । সহায় কৰাৰ বিপৰীতে ফেচবুকত কৰা পোষ্টটো ডিলিট কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বগীজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ।

উল্লেখযোগ্য যে, মহিলা গৰাকীৰ শহুৰ-শাহু শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে । মানৱ সম্পদ গঢ়াৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত শহুৰ-শাহুৰ এই কাৰ্যক লৈ সম্প্ৰতি সমালোচনাৰ সৃষ্টি হৈছে অঞ্চলটোত । বোৱাৰী গৰাকীৰ পিতৃ গৃহ দৰিদ্ৰ হোৱাৰ হেতুকে আইন, আৰক্ষীৰ ভয় দেখুৱাই দুয়ো স্বামী-স্ত্ৰীকে আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদৰ পৰিকল্পনা কৰাৰ অভিযোগ কৰিছে দুৰ্ভগীয়া বোৱাৰী গৰাকীয়ে ।

লগতে পঢ়কঃ মঙলবাৰে দাখিল হ'ব উদালী কাণ্ডৰ CHARGE SHEET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.