ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ জাকক খাদ্যৰ যোগান কৃষকৰ

author img

By

Published : Jun 4, 2020, 12:47 PM IST

গোলাঘাটত খেতি পথাৰত উপদ্ৰৱ কৰা বন্যহস্তীৰ জাকক কৃষকে যোগান ধৰিলে খাদ্য ৷ বন্যহস্তীক খেতি পথাৰত উপদ্ৰৱ কৰাৰ পৰা বিৰত ৰখাৰ বাবে এই অভিনৱ পন্থা গ্ৰহণ কৃষকৰ ৷

গোলাঘাটত বন্যহস্তীৰ জাকক খাদ্যৰ যোগান কৃষকৰ
গোলাঘাটত বন্যহস্তীৰ জাকক খাদ্যৰ যোগান কৃষকৰ

গোলাঘাট, 4 জুনঃ কেইবাদিনো ধৰি বিজুলী বনাঞ্চলৰ পৰা পোৱালিসহ অহা এটা বৃহৎ বন্যহস্তীৰ জাকে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত উপদ্ৰৱ কৰি আহিছে ৷ বন্যহস্তীৰ উপদ্ৰৱত ইতিমধ্যে নষ্ট হৈছে শ শ বিঘা ধাননি পথাৰ ৷ স্থানীয় লোকে বিভাগক অভিযোগ দিয়া স্বত্বেও কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ, নিজে বাৰীৰ কল গছ কাটি আনি ​খাদ্যৰ যোগান ধৰিছে বন্যহস্তীৰ জাকটোক ৷

বন্যাহস্তীৰ জাকটোত গাভিনী হাতী থকাৰ বাবে হাতীৰ জাকটো এই অঞ্চলত অৱস্থান কৰি থকা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে ৷ কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল,ৰংবং, চফেলা, বগীঢলা আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ ৷

লগতে পঢ়কঃ গৰ্ভৱতী হাতী হত্যা : দোষীক উপযুক্ত শাস্তি দিয়াৰ আশ্বাস কেৰালাৰ মুখ্যমন্ত্ৰীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.