ETV Bharat / state

2,149 কিল’মিটাৰ দূৰত্ব অতিক্ৰমি ৰাজঘাটত উপস্থিত হ'ব চাইকেল ৰেলী - ৰেলী চিআৰপিএফ

2,149 কিল’মিটাৰ দূৰত্ব পাৰ কৰি 2 অক্টোবৰত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব চিআৰপিএফৰ চাইকেল ৰেলী । দেশ স্বাধীন হোৱাৰ 75 বৰ্ষ উপলক্ষে আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তত চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে ।

crpfs-cycle-really-to-reach-rajghat-in-delhi-after-2149-km-long-etv-bharat-assam-news
2,149 কি:মি: দুৰত্ব অতিক্ৰম কৰি দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব চিআৰপিএফৰ চাইকেল ৰেলী
author img

By

Published : Sep 1, 2021, 12:59 PM IST

সৰুপথাৰ, 1 ছেপ্তেম্বৰ : দেশে স্বাধীনতাৰ 75 বছৰ গৰকাৰ সময়তে আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে চাইকেল ৰেলী ৷ চিআৰপিএফে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আয়োজন কৰিছে চাইকেল ৰেলীৰ । এই কাৰ্যসূচী অনুসৰি বুধবাৰে যোৰহাটস্থিত চিআৰপিএফৰ কাৰ্যালয়ৰ পৰা চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হয় ।

চিআৰপিএফৰ যোৰহাটৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি এই চাইকেল ৰেলী গোলাঘাট সদৰ হৈ সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত দিনৰ প্ৰায় বিয়লি 5 বজাত উপস্থিত হয় । জানিব পৰা মতে ,এই চাইকেল ৰেলী 2,149 কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি 2 অক্টোবৰত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব । এই ৰেলী চিআৰপিএফৰ আৰক্ষী মহা নিৰীক্ষক(আইজিপি)যোৰহাটৰ তত্বাৱধানত কৰা হৈছে । ৰেলীৰ উদ্দেশ্য- দেশবাসীৰ মাজত একতাৰ জৰীডাল কটকটীয়াকৈ সুদৃঢ় কৰি বিবিধতাৰ মাজত একতাৰ শক্তি প্ৰদৰ্শিত কৰা ।

চিআৰপিএফৰ চাইকেল ৰেলী

বুধবাৰে এই ৰেলী উৰিয়ামঘাটস্থিত 142 নং চিআৰপিএফৰ কেম্পত উপস্থিত হ'ব । উল্লেখ্য যে, সৰুপথাৰত অনুষ্ঠিত আদৰণি অনুষ্ঠানটো 142 নং চিআৰপিএফৰ উদ্যোগত আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক ধনশিৰি মহকুমাৰ প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনে আদৰণি তথা সম্ভাষণ জনায় ।

আনহাতে, বৃহস্পতিবাৰে উৰিয়ামঘাটৰ পৰা পুনৰ অনুষ্ঠিত হ'বলগীয়া ৰেলীত ধনশিৰি চাইকেল ক্লাবে অংশগ্ৰহণ কৰিব ৷ সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা আদৰণি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় । সৰুপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত চিআৰপিএফৰ DIG, অসম আৰক্ষীৰ গোলাঘাটৰ জিলা আৰক্ষী অধীক্ষক, চিআৰপিএফৰ কমাণ্ডেণ্ট, ধনশিৰি মহকুমাৰ মহকুমাধিপতি, আৰক্ষী বিষয়াৰ উপৰিও বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.