গোলাঘাট, 3 জুলাই : গোলাঘাটত পুনৰবাৰ এখন এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই । নতুন চৰকাৰখনৰ স্বাস্থ্য বিভাগৰ কাৰু-কাৰ্যত বিপাঙত পৰিছে সাধাৰণ ৰাইজ । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰত পৰিছে এগৰাকী মুমুৰ্ষ ৰোগী তথা পৰিয়ালৰ লোক ।
উল্লেখ্য যে, পূৰ্বতে বহু সময় ধৰি এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰি আহিবলগীয়া হৈছে ৰোগীৰ আত্মীয়সকলে । অনুৰূপ ধৰণে বুধবাৰে নিশাও এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিবলগা হ'ল এজন ৰোগীয়ে । জানিব পৰা মতে, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন জীতেন মেধি নামৰ ৰোগীজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।
কিন্তু এম্বুলেন্সৰ অভাৱত দৰিদ্ৰ পৰিয়ালটো উপায়হীন হৈ পৰে । উপায়হীন পৰিয়ালটোৱে মৃত্যুঞ্জয় 108(Mrityunjoy 108) ক ফোন কৰাৰ পিছতো কিন্তু লাভ নকৰিলে কোনো ধৰণৰ সদুত্তৰ ৷ অৱশেষত একাংশ সাংবাদিকৰ প্ৰচেষ্টাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ভ্ৰাম্যমাণ এম্বুলেঞ্চৰ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৰোগীজনক ।
বিধায়কগৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে । একে সময়তে চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিস্ক্ৰিয়তাক সহজভাৱে ল'ব পৰা নাই গোলাঘাটৰ সচেতনমহলে । এই সন্দৰ্ভত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে