ETV Bharat / state

কৰ’ণাৰ কৱলত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ 67 গৰাকী আৰক্ষী

author img

By

Published : May 7, 2021, 8:14 AM IST

দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত 67 গৰাকীকৈ প্ৰশিক্ষণৰত আৰক্ষী কৰ’ণাত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত প্ৰশিক্ষণৰত আৰক্ষী ASI(UB) বাগীৰাম বড়ো বৃহস্পতিবাৰে নিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যুমুখত পৰে ৷

covid-positive-cases-in-police-training-centre
দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত কৰ’ণাতংক

গোলাঘাট,7 মে’ : গোলাঘাট জিলাৰ দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত মহামাৰী কৰ’ণাই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা কেন্দ্ৰটোত প্ৰশিক্ষণ ল’বলৈ অহা প্ৰায় 67 গৰাকীকৈ প্ৰশিক্ষণৰত আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷

ইয়াৰ মাজৰে প্ৰশিক্ষণৰত আৰক্ষী জোৱান ASI(UB) বাগীৰাম বড়োৰ বৃহস্পতিবাৰে নিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে, বাকীকেইগৰাকী কৰ’ণা আক্ৰান্ত আৰক্ষীক গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰশিক্ষণ থলীৰ বেৰেকত আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে ।

bagiram boro
বাগীৰাম বড়ো

ইয়াৰোপৰি বৃহস্পতিবাৰে নিশাই দেৰগাঁৱৰ 9 নং ৱাৰ্ডৰ ৰাজকুমাৰ ঠাকুৰ (57) নামৰ লোকজনো কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । বিগত 4 দিন পূৰ্বে গুৱাহাটীৰ আত্মীয় ঘৰত বিয়া খাবলৈ গৈছিল আৰু তাৰ পৰা ঘুৰি আহিয়েই কৰ’ণাত আক্ৰান্ত হৈ যোৰহাটত মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন ।

লগতে পঢ়ক : কৰ'ণা প্ৰতিৰোধৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.