সৰুপথাৰ, 2 জুন : গোলাঘাট জিলাৰ সৰুপথাৰৰ একাংশ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ বৰ্তমান কোনো নতুন কথা হৈ থকা নাই । জানিব পৰা মতে এনে এক দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত হৈছে সৰুপথাৰৰ সমষ্টিৰ অন্তৰ্গত পূৱ-বৰপথাৰ গাঁও পঞ্চায়ত ।
পঞ্চায়তখনৰ বিভিন্ন আঁচনিৰ কামত ভুৱা জৱকাৰ্ড সৃষ্টিৰে উলিওৱা হয় বিভিন্ন আঁচনিৰ ধন । গ্ৰাম ৰোজগাৰ সেৱকে নিজাকৈ কিছু সংখ্যক জৱকাৰ্ড ৰাখি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ একেটা পৰিয়ালতে একাধিক জৱকাৰ্ড থকাৰো অভিযোগ পঞ্চায়তটোত ৷ পঞ্চায়তখনৰ একাংশ কৰ্মচাৰীয়ে বেংক একাউণ্টৰ ক্ষেত্ৰতো জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
এম জি এনৰেগাৰ কামত জে চি বি, টেক্টৰ ব্যৱহাৰ কৰি পঞ্চায়তৰ বিভিন্ন কাম কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ আৰ টি আই আইনৰ জড়িয়তে তথ্য বিচাৰিলেও পূৱ বৰপথাৰ গাঁও পঞ্চায়তটোৰ কৰ্মকৰ্তা সকলে তথ্য নিদিয়ে বুলি জানিব পৰা গৈছে ৷
দুৰ্নীতিৰ বিৰোধিতা কৰাসকলক কৌশলেৰে অত্যাচাৰ কৰাৰো অভিযোগ আছে পঞ্চায়তটোৰ বিভিন্নজনৰ বিৰুদ্ধে । উল্লেখ্য যে স্থানীয় লোকসকলে প্ৰশাসনক পঞ্চায়তখনত সংঘটিত হৈ থকা দুৰ্নীতিসমূহৰ তদন্তৰ দাবী জনাইছে ৷
লগতে পঢ়ক : দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন