ETV Bharat / state

অসমৰ হিন্দী বাতৰি কাকতে চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক - অসম

অসমৰ হিন্দী বাতৰি কাকতৰ অদূৰদৰ্শিতাৰ ফলত অসমৰ ভূমি পুত্ৰ চুতীয়া জাতিক অপমান । হিন্দী বাতৰি কাকতত উচ্চাৰণৰ ভিত্তিত বৰ্ণ প্ৰয়োগৰ ফলত চুতীয়া জাতিক সজালে মুৰ্খ আৰু বুৰ্বক ।

চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক
author img

By

Published : May 28, 2019, 5:27 PM IST

Updated : May 28, 2019, 11:09 PM IST

গোলাঘাট, 28 মে' : অসমৰ অন্যতম ভূমি পুত্ৰ হৈছে চুতীয়া জাতি জনজাতিৰ লোক । কিন্তু এই জাতিটোৰ উপাধি শুদ্ধকৈ প্ৰয়োগ নকৰে অসমৰ হিন্দী বাতৰি কাকতসমূহে । বাতৰি কাকতৰ ভূল বৰ্ণ প্ৰয়োগৰ বিৰুদ্ধে হিন্দী বাতৰি কাকতৰ প্ৰতি ক্ষোভ প্ৰকাশ দেৰগাঁৱৰ প্ৰবীণ সাংবাদিক শিৱ দয়াল কাব্ৰাৰ ৷ হিন্দীত "चुटीया" বৰ্ণৰে জাতিটোক সম্বোধন কৰি সমগ্ৰ জাতিটোক অজানিতে নতুবা অদূৰদৰ্শিতাৰে অপমান বাতৰি কাকতখনৰ ৷

চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক

অসমীয়াত যিদৰে চৰকাৰ লিখাৰ বিপৰীতে হিন্দীত ''सरकार'' লিখা হয় ঠিক তেনেদৰে চুতীয়া জাতিৰ উপাধিও হিন্দী ভাষাত "चुटीया"ৰ বিপৰীতে "सुतीया" লিখিবলৈ হিন্দী বাতৰি কাকতসমূহকআহ্বান শিৱ দয়াল কাব্ৰাৰ । প্ৰবীণ সাংবাদিক গৰাকীয়ে এখন হিন্দী বাতৰি কাকতক এই বিষয়টো গুৰুত্ব দিব লৈ সম্পাদকীয় পত্ৰ লিখিছিল যদিও তেওঁৰ পত্ৰখনক সম্পাদনা কৰি প্ৰকাশ কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, হিন্দী ভাষাৰ সংবাদ মাধ্যমত সততে এই ভূল বাখ্যা পৰিলক্ষিত হৈ আহিছে ৷

Intro:অসমৰ হিন্দী বাতৰি কাকতৰ অদূৰদৰ্শিতাৰ ফলত অসমৰ ভূমি পুত্ৰ চুতীয়া জাতিক অপমান। হিন্দী বাতৰি কাকতত উচ্চাৰণৰ ভিত্তিত বৰ্ণ প্ৰয়োগৰ ফলত চুতীয়া জাতিক সজালে মুৰ্খ আৰু বুৰ্বক। হিন্দী বাতৰি কাকতক ভূল বৰ্ণ প্ৰয়োগ নকৰিবলৈ আহ্বান গোলাঘাট জিলাৰ দেৰগাঁৱৰ প্ৰবীণ সাংবাদিক শিৱলাল কাবৰাৰ। হিন্দী বাতৰি কাকত সমূহক চুতীয়া উপাধিটো 'चुटीया' নহয় 'सुतीया' লিখিবলৈ আহ্বান প্ৰবীণ সাংবাদিক গৰাকীৰ। হিন্দীত चुटीया ৰ অৰ্থ হল মুৰ্খ নতুবা বুৰ্বক।

Body:অসমৰ অন্যতম ভূমি পুত্ৰ হৈছে চুতীয়া জাতি জনজাতিৰ লোক। কিন্তু এই জাতিটোৰ উপাধি শুদ্ধকৈ প্ৰয়োগ নকৰে অসমৰ হিন্দী বাতৰি কাকত সমূহে। যাকলৈ বাতৰি কাকতৰ ভূল বৰ্ণ প্ৰয়োগৰ বাবে হিন্দী বাতৰি কাকতৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে দেৰগাঁৱৰ প্ৰবীণ সাংবাদিক শিৱলাল কাবৰায়ে। এটা জাতিক হিন্দী বাতৰি কাকত সমূহে অজানিতে অসৎ শব্দৰে সম্বোধন কৰিছে। অসমীয়াত যিদৰে চৰকাৰ লিখাৰ বিপৰীতে হিন্দীত सरकार লিখা হয় ঠিক সেইদৰে চুতীয়া জাতিৰ উপাধিৰ বিপৰীতে হিন্দীত सुतीया লিখিবলৈ আহ্বান হিন্দী বাতৰি কাকত সমূহক। অন্যথা অজানিতে নতুবা অদূৰদৰ্শিতাৰ ফলত হিন্দী বাতৰি কাকত সমূহে চুতীয়া জাতিৰ উপাধিটো অশুদ্ধ হিচাপে অসৎ শব্দৰে ব্যৱহাৰ কৰি আহিব।

Conclusion:এই শব্দটো শিৱলাল কাবৰাৰ দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁৰ নাতিনীয়েকে। পুৱা বাতৰি কাকত খন হাতত লৈ ককাকক প্ৰশ্ন কৰিছিল चुटीया মানেটো বুৰ্বক নতুবা মুৰ্খ কিন্তু বাতৰিত বোকাখাটত चुटीया जाती का संमिलन বুলি উল্লেখ আছে। সেই সময়ত সৰু নাতিনীয়েকক শুদ্ধকৈ বুজাব লগা হৈছিল শিৱলাল কাবৰায়ে। তাৰ পিছত প্ৰবীণ সাংবাদিক গৰাকীয়ে হিন্দী পূৰ্বোদয় বাতৰি কাকতক এই বিষয়টো গুৰুত্ব দিব লৈ সম্পাদকীয় পত্ৰ লিখিছিল যদিও তেওঁৰ পত্ৰখনক সম্পাদনা কৰি প্ৰকাশ কৰা হৈছিল। কেৱল পূৰ্বোদয় বাতৰি কাকতে নহয় অসমৰ প্ৰতিটো হিন্দী বাতৰি কাকতে ভূল কৈ প্ৰকাশ কৰি আহিছে চুতীয়া জাতি শব্দটো।
Byte 1: প্ৰবীণ সাংবাদিক, শিৱলাল কাবৰা।
Byte 2: অৱসৱপ্ৰাপ্ত প্ৰধান শিক্ষক, নাথুৰাম বৰুৱা, চুতীয়া সম্প্ৰদায়ৰ।
Last Updated : May 28, 2019, 11:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.