গোলাঘাট, 11অক্টোবৰ : গোলাঘাট কাৱৰু গাঁৱত কংগ্ৰেছ দলৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট জিলাৰ কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত দক্ষিণ হেঙেৰা মণ্ডল কংগ্ৰেছৰ সহযোগত কৃষক আইন ২০২০ বাতিলৰ দাবীত কংগ্ৰেছৰ সদস্য সকলে কাৱৰু গাঁও চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ' বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, কৃষক আইন ২০২০ বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰি অতি শীঘ্ৰে চৰকাৰে এই আইন বাতিল নকৰিলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে সকলে ।