গোলাঘাট,19 ডিচেম্বৰ: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত গোলাঘাট জিলা কংগ্ৰেছৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ,নৰেন্দ্ৰ মোডী গ'বেক,সৰ্বানন্দ সোণোৱাল গ' বেক,কা আমি নামানো আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে চলি থকা আইনী যুজঁত চৰকাৰক পৰাজিত কৰিব বুলি মন্তব্য কৰে বিধায়িকা অজন্তা নেওগে ৷