ETV Bharat / state

গোলাঘাটত ন-কংগ্ৰেছী আৰু ন-বিজেপিৰ প্ৰচাৰ অভিযান

author img

By

Published : Mar 16, 2021, 12:07 PM IST

গোলাঘাটত ন-বিজেপি অজন্তা নেওগ আৰু ন-কংগ্ৰেছী বিতুপন শইকীয়াই চলাইছে নিৰ্বাচনী প্ৰচাৰ । জিলাখনৰ মেৰাপানী, চাউদাং পথাৰ, গমাৰী, কাছমাৰী আদি অঞ্চলত দুয়ো গৰাকী প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

গোলাঘাটত ন-কংগ্ৰেছী আৰু ন-বিজেপিৰ প্ৰচাৰ অভিযান
গোলাঘাটত ন-কংগ্ৰেছী আৰু ন-বিজেপিৰ প্ৰচাৰ অভিযান

গোলাঘাট,16মাৰ্চ: গোলাঘাটত বলিছে নিৰ্বাচনৰ গৰম বতাহ। গোলাঘাট জিলাৰ খুমটাই, সৰুপথাৰ, বোকাখাত আৰু দেৰগাঁও সমষ্টিৰ তুলনাত গোলাঘাট সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ হৈছে কিছু সুকীয়া । কিয়নো ন-কংগ্ৰেছী আৰু ন-বিজেপিয়ে পৃথকে পৃথকে প্ৰদৰ্শন কৰিছে শক্তি প্ৰদৰ্শন ।

ন-কংগ্ৰেছী বিতুপন শইকীয়া আৰু ন- বিজেপি প্ৰাৰ্থী অজন্তা নেওগে গোলাঘাটৰ বিভিন্ন অঞ্চলত বৰ্তমান নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে । এসময়ত তৰুণ গগৈ, ৰাহুল গান্ধী জিন্দাবাদ কোৱা অজন্তাৰ মুখত আজি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে ।

আনহাতে, কংগ্ৰেছত এসময়ত বেয়া মানুহে গঢ়ি তোলা লেটেৰা সংস্কৃতি আঁতৰাই ভাল কৰাৰ প্ৰচেষ্টা ন-কংগ্ৰেছী বিতুপন শইকীয়াৰ । গোলাঘাটত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত দেখিবলৈ পোৱা গৈছে সমানে- সমানে শক্তি প্ৰদৰ্শন । গোলাঘাট জিলাৰ মেৰাপানী, চাউদাং পথাৰ, গমাৰী, কাছমাৰী আদি অঞ্চলত দুয়োজন প্ৰাৰ্থীয়ে এনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

অন্য এক খবৰৰ বাবে:18 মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.