গোলাঘাট, 12 জুন : তিনিচুকীয়াৰ বাঘজান তৈল খাদৰ বিস্ফোৰণৰ ঘটনাত মৃত্যুবৰণ কৰা দুৰ্লভ গগৈক প্ৰদান কৰা হৈছে শ্ৰদ্ধাঞ্জলি । গোলাঘাট ক'চিং চেণ্টাৰৰ উদ্যোগত প্ৰশিক্ষক দৰ্শন গোহাঁই নেতৃত্বত গোলাঘাট চেলেঙী খেলপথাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় খেলুৱৈগৰাকীক । খেলপথাৰত অনুশীলনৰ পূৰ্বে খেলুৱৈসকলে এক মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত খেলুৱৈ গৰাকীক ।
![Condolence of Durlov Gogoi at Selengi playground](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-803-11june-durlabgogoicondolences-vis-byte-7205572_12062020052310_1206f_00000_622.jpg)
উল্লেখযোগ্য যে, গোলাঘাট SAI ৰ জৰিয়তে গোলাঘাট জিলাৰ হৈ ফুটবল খেলিছিল দুৰ্লভ গগৈয়ে । প্ৰশিক্ষক দর্শন গোহাঁইৰ শিষ্য আছিল তেওঁ । গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে । এইগৰাকী প্ৰয়াত খেলুৱৈয়ে গোলাঘাট জিলাৰ উপৰিও কেইবাবাৰো অসমক প্ৰতিনিধিত্ব কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ হৈ আন্ত:মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল তেওঁ । তেওঁৰ মৃত্যুত গোলাঘাট ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে ।
![গোলাঘাটৰ ছেলেঙী খেলপথাৰত দুৰ্লভ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-803-11june-durlabgogoicondolences-vis-byte-7205572_12062020052310_1206f_00000_747.jpg)
লগতে পঢ়ক : বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !