গোলাঘাট, 21 মে’: গোলাঘাটৰ দেৰগাঁৱৰ চিকাৰী ঘাটত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ দেৰগাঁও চহৰৰ পৰা ৭ কিঃমিঃ নিলগৰ ব্ৰহ্মপুত্ৰৰ ঘাটত স্থানীয় জনতাৰ সৈতে মত-বিনিময় কৰে । সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে । গতিকে ৰাইজে আতংকিত হ'ব নালাগে ।
দিহিং পাটকাইৰ পৰিস্থিতি সন্দৰ্ভত বনমন্ত্ৰীক শুকুৰবাৰে মূল স্থানলৈ যাবলৈ নিৰ্দেশ দিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতে তেওঁ ফেৰীৰে মাজুলীৰ আঁহতগুৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল'বলৈ ৰাওনা হয় ।
লগতে পঢ়ক: কাশ্মীৰ বিবাদৰ প্ৰতি আগ্ৰহী নহয় তালিবান-অমৰ সিনহা