গোলাঘাট, 29 আগষ্ট : গোলাঘাট আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । এগৰাকী অন্তঃসত্ত্বা মহিলাক লৈ গোলাঘাট আৰক্ষী থানাত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ । দুটা পক্ষৰ মাজত বাকবিতণ্ডা । কোনে নষ্ট কৰিলে মহিলা গৰাকীৰ তিনিমহীয়া ভ্ৰূণ । ইয়াকে লৈ অন্তঃসত্ত্বা মহিলাৰ স্বামী আৰু মাকৰ ঘৰৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী থানাৰ চৌহদত ।
গোলাঘাট নগৰৰ কুমাৰটিৰ এগৰাকী যুৱতী বিবাহপাশত আৱদ্ধ হৈছিল যোৰহাট পানীচকুৱাৰ দিব্যজ্যোতি হাজৰিকাৰ লগত । বৰ্তমান তেওঁৰ অভিযোগ স্বামী দিব্যজ্যোতিয়ে দীৰ্ঘদিন ধৰি যৌতুকৰ দাবী তুলি শাৰিৰীক আৰু মানসিক ভাৱে নিযাৰ্তন চলাই আহিছে । ইয়াৰ উপৰিও পেটত থকা সন্তানটোক আক্ৰমণ কৰি নষ্ট কৰিছে স্বামী দিব্যজ্যোতিয়ে ।
এই অভিযোগ গোলাঘাট আৰক্ষীক প্ৰদান কৰাৰ পিছত গোলাঘাট আৰক্ষীয়ে স্বামী দিব্যজ্যোতি হাজৰিকাক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে । গোলাঘাট আৰক্ষী থানাৰ চৌহদত যুৱতী গৰাকীৰ মাতৃৰ লগতে স্বামী ঘৰৰ একাংশ লোকৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষীৰ তদন্তৰ পিছততে ওলাব প্ৰকৃততে কেনেদৰে যুৱতী গৰাকীৰ তিনিমহীয়া ভ্ৰূণ নষ্ট হৈছিল ।
লগতে পঢ়ক : নিৰ্বাচনী চমক সৃষ্টিৰ বাবেই আছিল নেকি ৰ'পৱে সেৱা !