ETV Bharat / state

বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান - বৰপথাৰ পৌৰসভা

উচ্ছেদ অভিযানৰ জৰিয়তে মুকলি কৰা হয় বাট-পথ

etv bharat
author img

By

Published : Jun 25, 2019, 7:09 PM IST

সৰুপথাৰ,২৫ জুন: ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান। ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত মঙলবাৰে চহৰখনৰ ১নং আৰু ২নং ৱাৰ্ডত উচ্ছেদ অভিযান চলাই বৰপথাৰ পৌৰসভাই। বৰপথাৰ চহৰৰ পদপথৰ লগতে পথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান, ঘৰ আদি উচ্ছেদ কৰে অভিযানকাৰী দলটোৱে। মহকুমা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ দেৱ আৰু পৌৰসভাৰ সভাপতি শৈলেশ কুমাৰ সিঙৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ।

ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান

পৰৱৰ্তী পৰ্যায়ত ৩নং আৰু ৪নং ৱাৰ্ডতো উচ্ছেদ অভিযান চলোৱাৰ কথাও প্ৰকাশ কৰে অভিযানকাৰী দলটোৱে। উল্লেখ্য যে,অবৈধভাৱে পথসমূহ অধিগ্ৰহণ কৰাৰ বাবে বিগত সময়চোৱাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে,অন্য যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল স্থানীয় ৰাইজ ।

Intro:ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভায়ে মহকুমা প্ৰশাসনৰ সহযোগত আজি নগৰ খনৰ ১নং আৰু ২নং ৱাৰ্ড পদ পথক লগতে পথৰ কাষত অবৈধ ভাৱে নিৰ্মান কৰা দোকান,ঘৰ আদি উচ্ছেদ অভিযান চলাই | Body:মহকুমা প্ৰশাসনৰ পৰা , সীমান্ত দণ্ডাধিশ প্ৰাণজিৎ দেৱ, আৰু পৌৰসভাৰ সভাপতি শৈলেশ কুমাৰ সিঙে তদাৰক কৰে | পৰ্যায় ক্ৰমে পৌৰসভায়ে ৩নং,৪নং ৱাৰ্ডটো উচ্ছেদ চলাব বুলি জানিবলৈ দিয়ে | বিশেষকৈ,বিদ্যালয়ৰ ছাত্ৰ,ছাত্ৰী,যান বাহনৰ আহ যাহৰ লগতে নগৰ খনৰ মুকলি ঠাই সমূহ বেদখল হোৱা বাবে পৌৰসভায়ে মহকুমা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাই ।
Conclusion:Byte -- Chairman

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.