ETV Bharat / state

ক’ভিড ৰোগীৰ পেলনীয়া সামগ্ৰীৰ মাজত বোকাখাতৰ এখন বিদ্যালয়

author img

By

Published : Aug 31, 2021, 12:13 PM IST

কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত চৰকাৰ-আৰক্ষী-প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৷ 18 আগষ্টৰ পৰা চৰকাৰে ৰাজ্যত ক’ভিড নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে যদিও মাক্স পৰিধান আৰু সামাজিক দূৰত্ব অৱলম্বন কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰ-আৰক্ষী-প্ৰশাসনৰ আন এখন ছবিহে পৰিলক্ষিত হৈছে বোকাখাতত ৷

BOKAKHAT SCHOOL STORY
ক’ভিড ৰোগীৰ পেলনীয়া সামগ্ৰীৰ মাজত বোকাখাতৰ এখন বিদ্যালয়

বোকাখাত, 31 আগষ্ট : ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত চৰকাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা সময়তে বোকাখাত মহকুমাৰ খতিয়াখলি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত বিগত এমাহে পৰি ৰ’ল ক’ভিড ৰোগীয়ে ব্যৱহাৰ কৰা খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন পেলনীয়া সামগ্ৰী । ক’ভিড নিয়ন্ত্ৰণৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে বোকাখাতৰ বহুকেইখন বিদ্যালয়ত স্থাপন কৰিছিল ক’ভিড কেয়াৰ চেণ্টাৰ ।

বোকাখাত ৰজাবাৰীৰ সমীপৰ খতিয়াখলি মধ্য ইংৰাজী বিদ্যালয়তো কেইবাজনো ক’ভিড ৰোগীক ৰখাৰ ব্যৱস্থা কৰিছিল মহকুমা প্ৰশাসনে । বিদ্যালয়খনত থকা লোকসকল ৰোগমুক্ত হিচাপে চিহ্নিত হোৱাৰ পাছত বিগত ৩১ জুলাইত সকলো লোক নিজ গৃহলৈ যোৱাৰ পাছতো আজি পৰ্যন্ত বিদ্যালয়ৰ চৌহদত পৰি থাকিল ৰোগীয়ে ব্যৱহাৰ কৰা বহু সামগ্ৰী ।

স্থানীয় লোকে কেইবাবাৰো অৱগত কৰাৰ পাছতো চৰকাৰ-প্ৰশাসন তথা পঞ্চায়ত প্ৰতিনিধিয়ে আজি পৰ্যন্ত বিদ্যালয়খন পৰিষ্কাৰ নকৰিলে ৷ আনহাতে ৰাজ্যত ক’ভিড পৰিস্থিতি অলপ শাম কটালৈ লক্ষ্য কৰি শীঘ্ৰে বিদ্যালয়সমূহ খোলাৰ আশা কৰা হৈছে ৷ বিদ্যালয়খনৰ এনে কদৰ্যময় পৰিবেশৰ মাজতে শৈক্ষিক নীতি অৱলম্বন কৰি বিদ্যালয়লৈ পাঠদানৰ বাবে আহিবনে ছাত্ৰ-ছাত্ৰীসকল ।

প্ৰশ্ন হয়, ক’ভিড ৰোগী স্থানান্তৰ কৰাৰ পাছত বিদ্যালয়সমূহ চাফ-চিকুণ কৰি ৰখাৰ দায়িত্ব প্ৰকৃততে কাৰ ? মহকুমা প্ৰশাসনৰ নে বিদ্যালয় কৰ্তৃপক্ষৰ নে পঞ্চায়তৰ ? আনহাতে অঞ্চলটোৰ পোহনীয়া জন্তুৱে পেলনীয়া সামগ্ৰীসমূহ ভক্ষণ কৰি ৰোগ বিয়পোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক : বিদ্যুৎ কেন্দ্ৰ মুকলি কৰি দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ আশ্বাস শক্তি মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.