বোকাখাত, 13 জুলাই : বোকাখাত আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে নিশা আৰক্ষীৰ জালত পৰিছে এজন গঁড়ৰ চোৰাং চিকাৰী ৷ আটকাধীন চোৰাং চিকাৰীটোৰ নাম থাংগৌসিং ভি খামখৌপ ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বোকাখাত থানাৰ 195/2020 গোচৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে সোমবাৰে নিশা এক অভিযান চলায় ৷ এই অভিযানত মনিপুৰ আৰক্ষীৰ (Manipur Police) সহযোগত বোকাখাত আৰক্ষীয়ে (Bokakhat police) মনিপুৰৰ চূড়াচান্দ পুৰৰ পৰা আটক কৰে থাংগৌসিং ভি খামখৌপক ৷
কাজিৰঙাত পুনৰ গঁড় হত্যাৰ পৰিকল্পনা কৰি আছিল আটকাধীন চোৰাং চিকাৰীটোৱে । আটকাধীন চোৰাং চিকাৰীটো এন এচ চি এন (NACN)ৰ প্ৰাক্তন সদস্য আৰু বৰ্তমান ZRA নামৰ এক উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈ আছে ৷ এই সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে চলাই আছিল নিজা তদন্ত ৷
পূৰ্ৱৰ অপৰাধৰ ধাৰাৰ অধীনতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে থাংগৌসিং ভি খামখৌপক ৷ কাজিৰঙাৰ গঁড় হত্যা, অস্ত্ৰ সৰবৰাহৰ সৈতেও জড়িত হৈ আছিল আটকাধীন চোৰাং চিকাৰীটো ৷
সোমবাৰে বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে অভিযান চলাই কুখ্যাত চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত চোৰাং চিকাৰী টো । চোৰাং ব্যৱসায় তথা গঁড় হত্যাৰ সবিশেষ তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষী ৷
লগতে পঢ়ক: শিল্প উদ্যোগ গঢ়াৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন