গোলাঘাট,18মে' : কৰ'ণা ভাইৰাছৰ আতংকত স্তব্ধ বিশ্বৰ জনজীৱন ৷ এই মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ঘৰতে আবদ্ধ সৰ্বসাধাৰণ ৰাইজ ৷ তেনে সময়তে কৰ'ণাৰ সৈতে যুঁজিবলৈ চৰকাৰৰ ওচৰলৈ ওলাই আহিল গোলাঘাটৰ ফলঙনিৰ যুৱক ধ্ৰুৱজ্যোতি শইকীয়া ৷ যুৱকজনে নিজৰ জীৱনক এই জটিল সময়ত তুচ্ছ জ্ঞান কৰি স্ব-ইচ্ছাৰে কৰ'ণা ভাইৰাছৰ ভেকচিন পৰীক্ষণত সহায়ৰ বাবে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ দান কৰিলে নিজৰ শৰীৰ৷ যুৱকজনৰ এই মহানুভৱতাক এতিয়া শলাগ লৈছে গোলাঘাটবাসীয়ে৷উল্লেখযোগ্য যে,26 বছৰীয়া ধ্ৰুৱজ্যোতি শইকীয়াই ইয়াৰ পূৰ্বতেও বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল ৷
লগতে পঢ়কঃচাকৰিলৈ বাট নাচায় কৃষিকৰ্মত ব্যস্ত ৰসায়ন বিভাগৰ স্নাতক দেৱাশীস