ETV Bharat / state

ব্লেড ফেঞ্চিঙে বিপদ মাতিছে কাজিৰঙাৰ জীৱকূললৈ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাৰ্য ! নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনক সংকটত পেলাই পৰিচয় দিছে নিকৃষ্ট মানদণ্ডৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি পাহাৰৰ মাজত অৱস্থিত জগদম্বা চাহ বাগিচাৰ ব্লেড ফেঞ্চিঙে এতিয়া বিপদ মাতিছে বন্যজীৱলৈ ৷

kaziranga
জগদম্বা চাহ বাগিচা
author img

By

Published : Sep 10, 2020, 8:19 AM IST

গোলাঘাট, 10 ছেপ্টেম্বৰ : এখন চাহ বাগিছাৰ অবিবেচক কাণ্ডই বিপদ মাতিছে বিশ্ব ঐতিহ্য কাজিৰঙাৰ জীৱকূললৈ ৷ কাজিৰঙাৰ সমীপৰ জগদম্বা চাহ বাগিচাত স্থাপন কৰা ফেঞ্চিঙে বিপদাপন্ন কৰিছে বন্য জীৱক । বাগিচাৰ চাৰিবেৰ সুৰক্ষিত কৰিবলৈ বাগান কৰ্তৃপক্ষই ব্যৱহাৰ কৰিছে তীক্ষ্ণ ব্লেডযুক্ত ফেঞ্চিং । বন্য হস্তী আৰু বিভিন্ন জীৱৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ বিশেষ ভাৱে ব্যৱহাৰ কৰা হৈছে এই ব্লেড ফেঞ্চিঙৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি পাহাৰৰ মাজত অৱস্থিত এইখন জগদম্বা চাহ বাগিচা । বন্যকূলৰ বিচৰণ ভূমিৰ মাজত অৱস্থিত বাগিচাখনৰ কৰ্তৃপক্ষৰ এনে নিকৃষ্ট কাৰ্যৰ ফলত বিপদ নামি আহিছে বন্য প্ৰাণী সমূহলৈ । খাদ্যৰ সন্ধানত ওলাই অহা বন্য জীৱক তীক্ষ্ণ ব্লেডৰ ফেঞ্চিঙে সংকটত পেলাৱোৰ কথা প্ৰকাশ কৰিছে বাগিছাৰ কাষৰীয়া এগৰাকী লোকে ।

kaziranga
জগদম্বা চাহ বাগিচা

উল্লেখযোগ্য যে, এই চাহ বাগিচাখন অসম টি ৱৰ্ডৰ চেয়াৰমেন প্ৰভাত কমল বেজবৰুৱাৰ এগৰাকী আত্মীয়ৰ বাগিচা । জগদম্বা চাহ বাগিচা কৰ্তৃপক্ষৰ এনে কাৰ্যক গৰিহণা দিছে প্ৰকৃতি প্ৰেমীয়ে । যিয়েই নহওক কিয়, প্ৰতিজন নাগৰিকৰ দায়িত্ব আছে বন্য জীৱক সুৰক্ষা প্ৰদান কৰা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানী হোৱাৰ সময়ত কাৰ্বি পাহাৰলৈ পলায়ন কৰা বহু জীৱ এই ফেঞ্চিঙত আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । একাংশৰ মতে তীক্ষ্ণ এই ব্লেড ফেঞ্চিঙে প্ৰাণ লৈছে বহু জীৱ-জন্তুৰ ।

জগদম্বা চাহ বাগিচাৰ অবিবেচক কাণ্ড

কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বিষয়টো দৃষ্টি গোচৰ কৰি শীঘ্ৰে বন্য জন্তুক ৰক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে । সাধাৰণ কৃষকৰ দৰেই নিজৰ বাগিচাখনৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জগদম্বা চাহ বাগিচা কৰ্তৃপক্ষকো অনুৰোধ জনাইছে ৰাইজে ।

লগতে পঢ়ক : অসমৰ সম্পদ বিদেশী বণিকৰ হাতত অৰ্পণ কৰিব বিজেপি চৰকাৰে : মনজিৎ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.