গোলাঘাট, 7 এপ্ৰিল: দেওবাৰে গোলাঘাট জিলাৰ বৰপথাৰৰ ছেৱাগুৰিত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ উপস্থিতিত বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ এই সভাত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন মন্ত্ৰী অগপ নেতা বিনোদ গোৱালা, টীয়কৰ বিধায়িকা ৰেণুপ্ৰমা ৰাজখোৱাৰ আৰু ৰাজ্যিক সংখ্যালঘু ব'ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱাল ৷ কিন্তু সভাত প্ৰতিকূল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁৰ অনুপস্থিতিত সভাগৃহত কেইবাটাও বিস্ফোকৰ মন্তব্য আগবঢ়ায় বিজেপিৰ মুখপত্ৰ মুমিনুল আৱালে ৷
এই সভাতে গোলাঘাট জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল শইকীয়াই বিজেপিত যোগদান কৰে ৷ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি সহস্ৰাধিক ৰাইজৰ সমাগম হোৱা সভাখনত হিমন্ত বিশ্বৰ অনুপস্থিতিয়ে উপস্থিত ৰাইজক হতাশ কৰে ৷ সভাত মুমিনুল আৱালে কংগ্ৰেছ দলক বাংলাদেশী মিঞাৰ দল বুলি আখ্যা দিয়ে ৷ তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ চেহেৰা আঁতৰাই দিলে বাংলাদেশীমূলৰ লিগেচি থকা ১৪ জন কংগ্ৰেছী বিধায়কক দেখা পাব বুলি কটাক্ষ কৰে ৷